ডিজিটেল সংবাদ,তিনিচুকীয়া : তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত দেওবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ দ্বিতীয় সাধাৰণ অধিবেশন আৰু জাতীয় মহিলা শক্তিৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰথম সাধাৰণ অধিবেশন।
অধিবেশনত মুখ্য অতিথিৰূপে উপস্থিত থাকে সভাপতি লুৰিণজ্যোতি গগৈ। গগৈয়ে শাসকীয় বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ কয়, শাসকীয় চৰকাৰখনে সম্প্ৰতি সাধাৰণ জনতাক সকলো দিশৰ পৰা ৰামটাঙোন সোধাইছে ৷
চাহত চেনি দিয়া চামুচেৰে জনতাৰ মাজত বিলাই লিডু- মাৰ্ঘেৰিটাৰ পৰা কয়লা উঠোৱা বেলচাৰে লুটি-পুতি খাইছে হিমন্তৰ চৰকাৰে ৷ বাকী আৰু ফাঁকিত চলি আছে চৰকাৰ । গতিকে বাকী আৰু ফাঁকিত চৰকাৰ নচলে ৷ ৰাইজ সজাগ হৈছে, সেয়ে অসম জাতীয় পৰিষদলৈ ন ন সদস্যৰ আগমন ঘটিছে ৷
বিজেপি চৰকাৰে এতিয়া অসমৰ ঠিকাদাৰসকলক ২৫ হেজাৰ কোটি টকা দিবলৈ আছে কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যৰ ন ন প্ৰতিষ্ঠান গঢ় লৈ আছে ৷ মুখ্যমন্ত্ৰীয়ে কয় এতিয়া অসমত দালাল নাই, দুৰ্নীতি নাই ৷ কিয়নো অসমৰ সকলো দালাল এতিয়া দিশপুৰত ৷ সেইসকলেই সকলো পৰিচালনা কৰি আছে বুলি গগৈয়ে কটাক্ষ কৰে।
তেওঁ কয় যে শেহতীয়া চাকৰি কেলেংকাৰীয়েই তাৰ জ্বলন্ত উদাহৰণ বুলি উল্লেখ কৰে । ইফালে সাংবাদিকেৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত লুৰিণজ্যোতি গগৈয়ে অসমৰ প্ৰতিটো ধৰ্মৰ, ভাষা-ভাষী, জাতি-জনগোষ্ঠীৰ লোকক লগত লৈ আগবাঢ়ি যোৱাটোৱেই অসম জাতীয় পৰিষদৰ মুখ্য উদ্দেশ্য বুলি উল্লেখ কৰে। লগতে অসমৰ জনগণৰ যিবোৰ জাতীয় সমস্যা, মৌলিক সমস্যা, জীয়াই থকাৰ সমস্যা ইত্যাদি সকলোধৰণৰ সমস্যা সমাধানৰ বাট কেৱলমাত্ৰ জাতীয়তাবাদেহে দিব পাৰে বুলি কয় ।
তদুপৰি জাতিটোক এক কৰি ৰখা, জাতিৰ মাজত সাম্প্ৰদায়িকতা, বিভাজন নাইকিয়া কৰি প্ৰতিটো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকক আত্মমৰ্যদা, সমমৰ্যদা, সম-অধিকাৰ, সম-উন্নয়ন মাজেৰে জীয়াই ৰখাৰ পৰিৱেশ কেৱলমাত্ৰ জাতীয়তাবাদেহে দিব পাৰে বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে ।
জিলা সম্পাদক ডম্বৰু সোনোৱালে আঁত ধৰা সভাত তথা জিলা সভাপতি ইজৰাইল নন্দই সভাপতিত্ব কৰা সভাত আন এগৰাকী অতিথি পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালে ব্যক্তিগত ধন-সম্পত্তি বৃদ্ধিৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।
তেওঁ কয়, যিটো সময়ত সাধাৰণ জনতাৰ ঘৰত এটা এলইডি টিভি নাই সেই সময়ত মুখ্যমন্ত্ৰীৰ পৰিয়ালে চেটেলাইট চেনেল খুলিছে । যিটো সময়ত এখন বাতৰি কাকত কিনি পঢ়িবলৈ ৰাইজ অপাৰগ সেইসময়ত মুখ্যমন্ত্ৰী পৰিয়ালে বাতৰি কাকত খুলিছে ।
আমাৰ সমাজ ব্যৱস্থাত সন্তানক এখন ভাল বিদ্যালয়ত পঢ়ুৱাব নোৱাৰা সময়ত মুখ্যমন্ত্ৰীৰ পৰিয়ালে আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় খুলিছে । আমাৰ নিবনুৱা সন্তানে এটা চতুৰ্থ শ্রেণীৰ চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি থকা সময়ত মুখ্যমন্ত্ৰীৰ সন্তানৰ ১৭ বছৰ নৌহওঁতেই ১৮ টা কোম্পানীৰ মালিক হ'ব পাৰিছে বুলি ভূঞাই ক্ষুৰধাৰ সমালোচনা কৰে ।
তেওঁ আৰু কয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উন্নয়নৰ জয়গান গাই আহিছে যদিও ঋণৰ বোজাত পোত গৈছে ৰাজ্য । ভোটৰ লালসাত হিতাধিকাৰী সৃষ্টি কৰি, ৰাজ্যক ঋণত পোত যোৱাই জনকল্যাণ কৰাটোৱে উন্নয়ন নুবুজায় বুলি সাধাৰণ সম্পাদকগৰাকীয়ে মন্তব্য কৰে ।
আজিৰ সভাত লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ লগতে উপ-সভাপতি চমছেৰ সিং আৰু নাহৰকটীয়াৰ প্ৰাক্তন বিধায়ক অনুপ ফুকন, সম্পাদক সঞ্জয় দেৱ, জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী অল্পনা শৰ্মা, অসম জাতীয় পৰিষদত নতুনকৈ যোগদান কৰা প্ৰাক্তন আছুনেতা তথা পৰিষদৰ সম্পাদক উদ্বীপজ্যোতি গগৈ আদি উপস্থিত থাকে । ইফালে অধিৱেশনৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ অন্তত জিলাখনৰ সহস্ৰাধিক লোকৰ উপস্থিতিত কুৰিৰো অধিক লোকে অসম জাতীয় পৰিষদত যোগদান কৰে ।