সপ্তম যোৰহাট মুকলি অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাৰ সফল সামৰণি

১২৮ পদকেৰে আয়োজক যোৰহাট চেম্পিয়ন, ৪৫ পদকেৰে শিৱসাগৰ দ্বিতীয়
সপ্তম যোৰহাট মুকলি অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাৰ সফল সামৰণি

ডিজিটেল সংবাদ,যোৰহাট : সপ্তম যোৰহাট মুকলি অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাত ১২৮ পদকেৰে আয়োজক যোৰহাট জিলাই শীৰ্ষ স্থান অধিকাৰ কৰিছে। অসম সাঁতোৰ সন্থাৰ সৌজন্যত তথা যোৰহাট ছুইমিং ছ'চাইটিৰ উদ্যোগত যোৰহাট ছুইমিং ছ'চাইটিৰ জলক্ৰীড়া প্ৰকল্পত দুদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম ভিত্তিত সপ্তম যোৰহাট মুকলি অসম ৰাজ্যিক সাঁতোৰ ২০২৩ প্ৰতিযোগিতাখনৰ দেওবাৰে সফল সামৰণি পৰে।

উল্লেখ যে, ল'ৰা-ছোৱালীৰ উভয়ৰ ৬টা বয়সৰ শাখাত মুঠ ১২৪টা ইভেণ্টত প্ৰতিযোগিতাখন আয়োজন কৰা হৈছিল। প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন জিলাৰ পৰা ৪৫০ গৰাকী প্ৰতিযোগীয়ে যোগদান কৰিছিল।

উক্ত প্ৰতিযোগিতাখনত আয়োজক যোৰহাট জিলাই ৫৪টা সোণ, ২৪টা ৰূপ আৰু ৫০টা ব্ৰঞ্জৰ পদকসহ মুঠ ১২৮টা পদকেৰে শীৰ্ষ স্থান অধিকাৰ কৰাৰ লগতে ১১টা সোণ, ২০টা ৰূপ আৰু ১৪টা ব্ৰঞ্জৰ পদকসহ মুঠ ৪৫টা পদকেৰে শিৱসাগৰ জিলা দ্বিতীয় স্থানত থাকে।

প্ৰতিযোগিতাখনত মেনছৰ অপেন শাখাত যুটীয়াভাৱে যোৰহাটৰ চেণ্টুইন গগৈ আৰু গোলাঘাটৰ বৰ্ণিল চৌধুৰীয়ে চেম্পিয়ন খিতাপ অৰ্জন কৰাৰ লগতে অ'মেনছ অপেন শাখাত শিৱসাগৰৰ সম্প্ৰীতি বৰাই চেম্পিয়ন খিতাপ অৰ্জন কৰে। ইফালে ল'ৰাৰ গ্ৰুপ প্ৰথম শাখাত যোৰহাটৰ অংশুমান কাশ্যপ আৰু ছোৱালীৰ শাখাত যোৰহাটৰ দৰ্শিতা বৰুৱাই চেম্পিয়ন খিতাপ অৰ্জন কৰে।

ল'ৰাৰ গ্ৰুপ দ্বিতীয় শাখাত যোৰহাটৰ নিবিৰ হাজৰিকাই আৰু ছোৱালীৰ শাখাত যুটীয়াভাৱে যোৰহাটৰ মধুপ্ৰিয়া গগৈ আৰু ভূমিকা কাশ্যপে চেম্পিয়ন খিতাপ লাভ কৰে। ল'ৰাৰ গ্ৰুপ তৃতীয় শাখাত শিৱসাগৰৰ শুভাশিষ বৰদলৈ আৰু ছোৱালীৰ শাখাত যোৰহাটৰ সমৃদ্ধি কৌশিকে চেম্পিয়ন খিতাপ অৰ্জন কৰে।

ল'ৰাৰ গ্ৰুপ চতুৰ্থ শাখাত চৰাইদেউৰ অয়ন মহনে আৰু ছোৱালীৰ শাখাত তেজপুৰৰ প্ৰতীক্ষা বৰাই চেম্পিয়ন খিতাপ অৰ্জন কৰে। ল'ৰাৰ গ্ৰুপ পঞ্চম শাখাত তেজপুৰৰ প্ৰাণজ্যোতি হাজৰিকা আৰু ছোৱালীৰ শাখাত তেজপুৰৰে ভাৰ্গৱী শৰ্মাই চেম্পিয়ন খিতাপ অৰ্জন কৰে।

যোৰহাট ছুইমিং ছ'চাইটিৰ সহকাৰী সম্পাদক ড০ সেউজী বৰা নেওগ আৰু ছ'চাইটিৰ কাৰ্যনিৰ্বাহ সদস্য ত্ৰিদিপ দত্তই আঁত ধৰা আজিৰ বঁটা বিতৰণী অনুষ্ঠানত অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাস, চন্দন জ্যোতি ফুকন, মুকুটেশ্বৰ গোস্বামীকে ধৰি ভালেকেইজন বিষয়ববীয়া উপস্থিত থাকে। লগতে যোৰহাট ছুইমিং ছ'চাইটিৰ সভাপতি ৰক্তিম শইকীয়া,সম্পাদক দেৱ কুমাৰ হাজৰিকা, উপ-সভাপতি প্ৰণৱ বৰঠাকুৰ, জিতেন্দ্ৰ কুণ্ডলীয়া, ৰাজীৱ শৰ্মা, দিগন্ত বুঢ়াগোহাঁই, ড০ পি কে শইকীয়া উপস্থিত থাকি ছ'চাইটিৰ নিমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় অতিথি চালভেট ইয়াৰোলিনে বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰে।

সপ্তম যোৰহাট মুকলি অসম ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতাৰ সফল সামৰণি
দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ ৰোষত মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in