ডিজিটেল সংবাদ,তিনিচুকীয়া : তিনিচুকীয়া জিলা আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযান তীব্ৰতৰ কৰাৰ মাজতে দেওবাৰে নিশা জিলাখনৰ কাকপথাৰত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ৩ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৫কোটি হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
জানিব পৰামতে এখন ছুইফ্ট ডিজায়াৰ বাহনত ডিমাপুৰৰ পৰা কাকপথাৰ অভিমুখে ড্ৰাগছ আনি থকা বুলি গোপন খবৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে কাকপথাৰ আৰক্ষীৰ সহযোগত কাকপথাৰ সেনা চাউনীৰ সমীপত নাকা চেকিঙৰ ব্যৱস্থা কৰে ৷ অভিযানৰ দায়িত্বত থাকে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলাম আৰু কাকপথাৰ থানাৰ প্ৰভাৰী নবীন চেতিয়া ।
তেনে সময়তে এ এচ ০৪ পি ৭০১০ নম্বৰৰ ছুইফট ডিজাইয়াৰ বাহনখনত তালাচী চলাওতে অভিযানকাৰী দলটোৱে তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ৫৭টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকত মুঠ ৭০০ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে । সৰবৰাহকাৰী কেইটা আবিদুল হক, মাৰুফ আহমেদ আৰু চিফলু আহমেদ বুলি জানিব পৰা গৈছে ।
ধৃত সৰবৰাহকাৰী কেইটাৰ ঘৰ কৰিমগঞ্জ জিলাত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।অভিযানকালত আৰক্ষীয়ে চুইফট ডিজায়াৰখনৰ লগতে এ এচ ০১ বি ভি ৩০৯২ নম্বৰৰ এখন অল্ট' বাহনো জব্দ কৰিছে । ইফালে জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১ কোটি ৪০ লাখ টকা আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা হ'ব বুলি আৰক্ষীয়ে উল্লেখ কৰে।