/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3f66b493-4a65-4d7d-8974-a38f4980995a/60.jpg)
ডিজিটেল সংবাদ,কামপুৰ : সমাজত প্ৰচলিত বিভিন্ন অসামাজিক কাৰ্যকলাপ হ্ৰাস কৰিব বাবে কামপুৰৰ কাকতি গাঁও আঞ্চলিক আৰু পদুমণি আঞ্চলিক সচেতন নাগৰিকৰ উদোগত দেওবাৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় । কাকতি গাওঁ ১নং বৰুৱাবালী জামে মছজিদ প্ৰাংগনত ৰাজহুৱা সভাখন অনুষ্ঠিত কৰে।
চফিকুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সমাজত চলি থকা ড্ৰাগছ, মদ, ভাং, বাল্যবিবাহ আদি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে বহুকেইজন বক্তাই বক্তব্য প্ৰদান কৰে। অঞ্চলটোৰ বহু সংখ্যক লোক উপস্থিত থকা সভাত সমাজৰ বহু গণ্য মান্য ব্যক্তি আৰু ৰাইজৰ উপস্থিতিত সমাজৰ বিভিন্ন অসামাজিক কাৰ্যকলাপ নিৰ্মূল কৰাৰ বাবে ৫১ জনীয়া কমিটি গঠন কৰি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰে।
Also Read: মুৰ্কংচেলেক মহাবিদ্যালয়ত ৰাজহুৱা সভা