UPSCৰ বাচনিত১৮ সংখ্যক স্থানেৰে ছাৰ্ভে অৱ ইণ্ডিয়াত নিযুক্তি তিনিচুকীয়াৰ অংকিতা ফুকন

UPSCৰ বাচনিত১৮ সংখ্যক স্থানেৰে ছাৰ্ভে অৱ ইণ্ডিয়াত নিযুক্তি তিনিচুকীয়াৰ অংকিতা ফুকন

author-image
Asomiya Pratidin
New Update
UPSCৰ বাচনিত১৮ সংখ্যক স্থানেৰে ছাৰ্ভে অৱ ইণ্ডিয়াত নিযুক্তি তিনিচুকীয়াৰ অংকিতা ফুকন

UPSCৰ বাচনিত১৮ সংখ্যক স্থানেৰে ছাৰ্ভে অৱ ইণ্ডিয়াত নিযুক্তি তিনিচুকীয়াৰ অংকিতা ফুকন

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (ইউ পি এছ চি) দ্বাৰা অনুষ্ঠিত সংযুক্ত ভূ-বিজ্ঞানী পৰীক্ষাত দেশৰ ভিতৰত ১৮ সংখ্যক স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে তিনিচুকীয়াৰ অংকিতা ফুকনে ৷

Advertisment

উল্লেখ্য যে কালি নিশা কেন্দ্ৰীয় লোকসেৱা আয়োগে সংযুক্ত ভূ-বিজ্ঞানী পৰীক্ষা, ২০২৩ বৰ্ষৰ চূড়ান্ত ফলাফল ঘোষণা কৰে ৷ সেই অনুসৰি তিনিচুকীয়াৰ অংকিতা ফুকনে সৰ্বভাৰতীয় পৰ্যায়ত ১৮ সংখ্যক স্থান লাভ কৰি জিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়াত (জি এছ আই) ভূ-বিজ্ঞানীৰূপে (গ্ৰুপ ’এ’) নিযুক্তি লাভৰ বাবে নিৰ্বাচিত হয় ৷

সম্প্ৰতি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি কৰি থকা মেধাৱী ছাত্ৰী অংকিতাই পিতৃৰ চাকৰিসূত্ৰে শিলচৰৰ মহৰ্ষি বিদ্যামন্দিৰত স্কুলীয়া শিক্ষাৰ পাতনি মেলিছিল ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়া ইংলিচ একাডেমিৰ পৰা দশম আৰু বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম সাং কৰি কটন বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিষয়ত সন্মান সহকাৰে স্নাতক ডিগ্ৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এপ্লাইড জিঅ’লজি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত বৰ্তমান উক্ত বিশ্ববিদ্যালয়ৰ পৰাই পি এইচ ডি কৰি আছে ৷

অংকিতা ফুকন তিনিচুকীয়াৰ বৰদলৈ নগৰ নিবাসী উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত ফাংচনেল মেনেজাৰ শিশিৰ ফুকন আৰু ৰজিতা শৰ্মা ফুকনৰ জ্যেষ্ঠ কন্যা৷

Also Read: হাত নালাগে, লাগে হাতী !

tinisukia upsc