আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়কৰ গুণ্ডাগিৰি...

আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়কৰ গুণ্ডাগিৰি...

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়কে জিলাখনৰ তালাপ কমাৰগাঁৱত এগৰাকী আদিবাসী লোকক অনাহক মাৰপিট কৰি হাত ভাঙি দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে জগত নায়কৰ লগতে তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

দেওবাৰে তালাপত খেদি খেদি আটক কৰে ঘটনাৰ অভিযুক্ত জগত নায়কক । প্ৰাপ্ত অভিযোগ অনুসৰি যোৱা ১ ছেপ্টেম্বৰৰ সন্ধিয়া প্ৰায় ৬ বজাত ডাঙৰীৰ সমীপৰ লালবাংলাৰ পৰা পথাৰৰ পৰা গৰু আনিবলৈ যোৱা তালাপ কমাৰগাঁৱৰ সুৰেশ ওৰাং (৪৫) নামৰ লোকজনক আটছা নেতা জগত নায়কসহ তিনিজনীয়া এটি দলে বলপূৰ্বক এখন নম্বৰ প্লেটবিহীন স্ক'ৰপিঅ' বাহনৰ ডিকিত ভৰাই তালাপৰ দিশে লৈ আনে । এই বিষয়ে জানিব পাৰি কমাৰগাঁৱৰ কিছু লোকে স্ক'ৰপিঅ'খনৰ পিছ লোৱাত ওৰাঙক তালাপ আৰক্ষী চকীত পেলাই থৈ তিনিও উধাও হয় ।

ইফালে জগত নায়কৰ লগতে তেওঁৰ দুই সহযোগীয়ে বাহনৰ ভিতৰতে ওৰাঙক দলবদ্ধ আক্ৰমণ কৰি হাত ভাঙি সংকটজনক অৱস্থাত তালাপ আৰক্ষী চকীত পেলাই থৈ যোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে । আটছা নেতাগৰাকীৰ নেতৃত্বত সংঘটিত এই জঘন্য কাণ্ডক কেন্দ্ৰ কৰি তালাপ অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ওৰাঙৰ পৰিয়ালৰ লোকে আটছা নেতা জগত নায়কৰ ওপৰত খৰ্গহস্ত হৈ তেওঁৰ লগতে দুই সতীৰ্থৰ উচিত শাস্তিৰ দাবীত কালি ডুমডুমা থানত এক এজাহাৰ দাখিল কৰে ।

এই এজাহাৰৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে জগত নায়ক আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৬/৩৪১/৩২৬/৩৬৫/৫১১/৫০৬ ধাৰাৰ বিপৰীতে ২১৯/২০২৩ নম্বৰত এক গোচৰ ৰুজু কৰে । আৰক্ষীয়ে আজি অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰখাৰ মাজতে জগত নায়কক খেদি খেদি তালাপৰ এখন পথাৰৰ পৰা আটক কৰে ।

আনফালে জগতৰ সহযোগী অমৰ তেলীক কালি নিশাই নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে । ইফালে পলাতক অৱস্থাত আছে জগতৰ আনজন সহযোগী ৰমেন দাস । ইফালে ছাত্ৰ সংগঠনৰ নামত গুণ্ডাগিৰি কৰা জগত নায়কসহ ৰমেন দাস আৰু অমৰ তেলীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভুক্তভোগী ওৰাঙৰ পৰিয়ালৰ লগতে তালাপৰ স্থানীয় ৰাইজে সজোৰ দাবী তুলিছে । অন্যথা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিছে ।

আনফালে জগত নায়ক আৰু তেওঁৰ দুই সহযোগীয়ে কিয়, কি কাৰণত সুৰেশ ওৰাং নামৰ ব্যক্তিজনক বলপূৰ্বক গাড়ীত উঠাই শাৰীৰিকভাৱে আক্ৰমণ কৰি থানাত পেলাই থৈ যায় তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ । অৱশ্যে আৰক্ষীয়ে ঘটনাটোক লৈ জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে । জানিব পৰা মতে সম্প্ৰতি ধৃত জগত নায়ক আৰু অমৰ তেলী তিনিচুকীয়া আৰক্ষীৰ হেফাজতত আছে । প্ৰাপ্য তথ্য অনুসৰি ধৃত অমৰ তেলী আদিবাসী ছাত্ৰ সন্থাৰ তালাপ আঞ্চলিক সমিতিৰ সভাপতি । অন্যহাতে পলাতক ৰমেন দাস তিনিচুকীয়া জিলা আটছাৰ উপ-সভাপতি ৷

আটছাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়কৰ গুণ্ডাগিৰি...
হে আৰক্ষী! অন্তত খাকী পোচাকযোৰৰ সন্মান ৰাখক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in