ধেমাজিৰ দুই যুৱকক কেৰেলাত হত্যা

হত্যাকাণ্ডৰ পিছত কেৰেলাৰ মোভাট্টুপুঝা থানাত পঞ্জীভূত গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে ঘাতকক

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ধেমাজিৰ দুই যুৱকক কেৰেলাত হত্যা

ডিজিটেল সংবাদ,ধেমাজি : বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকক হত্যা। বিভিন্ন সময়ত অসমৰ যুৱকে বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ সোশৰীৰে ঘূৰি নহাৰ সময়তে এইবাৰো কেৰেলা ৰাজ্যত ধেমাজিৰ দুই যুৱকক নৃশংসভাৱে হত্যা কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

Advertisment

তথ্যমতে জীৱিকাৰ সন্ধানত কেৰেলাৰ ৰাজ্যৰ এনেকুলাম জিলাত শ্ৰমিকৰ কাম কৰা ধেমাজি ২ নং টেকজুৰিৰ গাওঁৰ মহন্ত স্বৰ্গীয়াৰী আৰু আদৰ্শ বড়ো গাওঁৰ দিপাংকৰ বসুমতাৰীয়ে নিয়োজিত আছিল এটা ব্যক্তিগত কোম্পানীত ৷ কৰ্মৰত অৱস্থাত থকা দুই যুৱকক যোৱা ৪ নৱেম্বৰত ৰহস্যজনকভাৱে কোনো লোকে হত্যা কৰা বুলি জানিব পৰা গৈছে ৷

ইতিমধ্যে হত্যাকাণ্ডৰ পিছত কেৰেলাৰ মোভাট্টুপুঝা থানাত পঞ্জীভূত গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে ঘাতকক ৷ মঙ্গলবাৰে নিশাই দুই যুৱকৰ মৃতদেহ ডিব্ৰুগড় বিমান বন্দৰলৈ অনাৰ পিছত নিশাই ধেমাজি সদৰ আৰক্ষী থানালৈ প্ৰথমে মৃতদেহ অনা হয় আৰু পিছত আত্মীয়ই চমজি লয় ৷

ইপিনে নিখিল বড়ো ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে এনে ঘটনাক নিন্দা কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৷

Also Read: বিহালীত দুই বনদস্যুৰ সন্ত্ৰাস : ধৃতৰাষ্ট্ৰৰ ভূমিকাত বৰগাং আৰক্ষী-বন বিভাগ

dhemaji police Assam police crime kerala