/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/539126ee-2117-4265-b8ee-bfa369bc2cd0/ajycp.jpg)
ডিজিটেল ডেস্ক : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিংশতিতম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন ৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছে শদিয়া চৰকাৰী উচ্চতম মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত । তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু শদিয়াবাসী ৰাইজৰ সহযোগত চাৰি দিনীয়াকৈ অনুষ্ঠিত হোৱা এই অধিৱেশন ৮ জানুৱাৰী, ২০২৩ ত অন্ত পৰিব ।
৭ জানুৱাৰীত সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক ড০ অনিল শইকীয়াই । শনিবাৰে অনুষ্ঠিত হ'ব লগা মুকলি সভা বিয়লি ২ বজাত উদ্বোধন কৰিব সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধীকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই ।
মুকলি সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই অংশ গ্ৰহণ কৰিব ।
ইয়াৰ ওপৰিও এই মুকলি সভাত উপস্থিত থাকিব অদীপ কুমাৰ ফুকন, ৰীতা চৌধুৰী, য়েছে দৰজে ঠংচি, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো, সদৌ টাই অহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বৰগোহাই, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, সদৌ কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বিপেন শৰ্মা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱেন ওৰাং, টি এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাং, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰী, সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সভাপতি নিৰেন দেউৰী, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰী, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি থমচন ৰংপি, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যুটীয়া সাধাৰণ সম্পাদক কপিল দেৱ সিংহ, সদৌ তিৱা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মুক্তি লালুং, সদৌ নিখিল ৰাভা ছাত্ৰ সন্থাৰ নিপেন কুণ্ড, সদৌ হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ কুমাৰ হাজং, সদৌ অসম ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহৰিছা, টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বিজয় ৰাজকোঁৱৰ, অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস, এন. চি. হিলচ্ ইণ্ডিজেনিয়াচ ষ্টুডেন্ট ফৰামৰ সভাপতি ডেভিড কেভন, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথ, সদৌ অসম চাওতালি ছাত্ৰ সন্থাৰ সভাপতি মিন্টু হেমৰম, গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহনাৱাজ হুছেইন ।
ইয়াৰ ওপৰিও সন্মানীয় অতিথিৰ ৰূপত উপস্থিত থাকিব প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, নিউজ লাইভৰ মুখ্য সম্পাদক চৈয়দ জাৰিৰ হুচেইন, এন কে টি ভিৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, দৈনিক জনমভূমিৰ মুখ্য সম্পাদক উৎপল বৰুৱা, প্ৰতিদিন টাইমচৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, এন ডি ২৪ৰ কাৰ্যবাহী সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱা, ডি ৱাই ৩৬৫ৰ কাৰ্য্যবাহী সম্পাদক প্ৰাণজিৎ শইকীয়া, বিশিষ্ট নিবন্ধকাৰ প্ৰদ্যুম্ন গোস্বামী । আনহাতে, আমন্ত্ৰিত অতিথিৰ ৰূপত উপস্থিত থাকিব অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক মুখ্য প্ৰৱন্ধক প্ৰশান্ত বৰকাকতী, নুমলিগড় তেল শোধানাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকন ।
বিশেষ আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ অমৃত কুমাৰ বৰুৱা, মৃদুল ফুকন আৰু প্ৰদীপ কোচ ।
উল্লেখ যোগ্য যে, ঐতিহ্যমন্ধিত শদিয়াৰ ড০ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ, দৰ্শক প্ৰতিনিধি, আমন্ত্ৰিত অতিথিৰ উপস্থিতিয়ে উলহ মালহৰ পৰিৱেশ সৃষ্টি কৰিছে ।
আৰু পঢ়ক : পুনৰ আৰক্ষীয়ে আটক কৰিলে ভিক্টৰ দাসক