তোলনীয়া পুত্ৰই চোকা অস্ত্ৰৰে হত্যা কৰিলে পিতৃক

তিনিচুকীয়াৰ চলিহা নগৰত চাঞ্চল্যকৰ হত্যাকাণ্ড
তোলনীয়া পুত্ৰই চোকা অস্ত্ৰৰে হত্যা কৰিলে পিতৃক

ডিজিটেল সংবাদ,তিনিচুকীয়া : ব্যৱসায়ীক চহৰ তিনিচুকীয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। চহৰখনৰ জনবহুল তথা আভিজাত্য এলেকা হিচাপে পৰিচিত চলিহা নগৰত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা ।

জানিব পৰামতে, তোলনীয়া পুত্ৰৰ হাতত অকালতে প্ৰাণ হেৰুৱাবলগা হয় অশ্বিনী দত্ত নামৰ এগৰাকী ষাঠিউৰ্ধৰ ব্যক্তিয়ে । ইয়াকে কেন্দ্ৰ কৰি চহৰখনৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

তথ্য অনুসৰি, তিনিচুকীয়া সদৰ থানাৰ এটা দলে বুধবাৰে দুপৰীয়া চলিহা নগৰৰ বিমলা প্ৰসাদ চলিহা প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ বাসিন্দা অশ্বিনী দত্তৰ তেজে তুমৰলি হৈ থকা মৃতদেহ এটি বন্ধ কোঠাৰ পকী মজিয়াত পৰি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰে । দত্তৰ বাসগৃহত উপস্থিত হয় আত্মীয়ৰ লগতে বহু প্ৰতিবেশী ।

ওচৰ-চুবুৰীয়া আৰু আত্মীয়ই জানিবলৈ দিয়ামতে পত্নী আৰু তোলনীয়া পুত্ৰ অৰিন্দম দত্ত(২৮)ৰ সৈতে অশ্বিনী দত্তই চলিহা নগৰৰ নিজা বাসগৃহত বসবাস কৰি আহিছিল । ইয়াৰ মাজতে যোৱা ২ ডিচেম্বৰত অশ্বিনী দত্তৰ অৱসৰপ্ৰাপ্ত নাৰ্চ পত্নীয়ে ইহলীলা সম্বৰণ কৰিছিল । যোৱা ১১ আৰু ১২ ডিচেম্বৰত পত্নীৰ শ্রাদ্ধ সম্পন্ন হৈ গৈছে ।

ইফালে নিচাসক্ত তোলনীয়া পুত্ৰ অৰিন্দমে অলপতে বিবাহপাশত আবদ্ধ হয় যদিও তেওঁৰ অত্যাচাৰত পত্নীয়ে প্ৰায়ে নিজ পিতৃগৃহত আশ্রয় ল'বলগা হয়। আনফালে নিচাত ডুব গৈ থকা অৰিন্দমে ধন-সম্পত্তিক লৈ প্ৰায়ে পিতৃ-মাতৃৰ সৈতে কাজিয়াত লিপ্ত হোৱা বুলি ওচৰ-চুবুৰীয়াৰ লগতে আত্মীয়ই জানিবলৈ দিয়ে ।

মাতৃৰ মৃত্যুৰ পিছত অৰিন্দমৰ উৎপাত দুগুণে বৃদ্ধি পাবলৈ ধৰে । ইয়াৰ মাজতে ১৮ ডিচেম্বৰৰ নিশা অৰিন্দমে পিতৃ অশ্বিনী দত্তক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা বুলি চুবুৰীয়া আৰু আত্মীয়ই সন্দেহ ব্যক্ত কৰিছে । কিয়নো উক্ত দিনা নিশা প্ৰায় ৭-৩০/৮-০০ বজাত পিতা-পুত্ৰৰ মাজত দুৰ্বাদল কাজিয়া হোৱা বুলি চুবুৰীয়াই শুনা পাইছিল ।

ইফালে হত্যাকাণ্ডৰ নিশা নিকটৱৰ্তী চলিহা নগৰ খেলপথাৰত চলি আছিল ভাওনা সমাৰোহ । এক হুলস্থুলীয়া পৰিৱেশৰ মাজত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱা বুলি একাংশৰ সন্দেহ। হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত অভিযুক্ত তথা তোলনীয়া পুত্ৰ অৰিন্দমক আৰক্ষীয়ে আটক কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে ।

উল্লেখযোগ্য যে অভিযুক্ত অৰিন্দমে পিতৃক চোকা অস্ত্ৰৰে হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়াৰ কথা পোহৰলৈ আহিছে । ঘটনাস্থলীত এগৰাকী দণ্ডাধীশসহ তিনিচুকীয়া সদৰ থানাৰ এটা আৰক্ষীৰ দল উপস্থিত হৈ অশ্বিনী দত্তৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

উল্লেখ্য যে, যিটো কোঠাত অশ্বিনী দত্তৰ মৃতদেহ উদ্ধাৰ হয় উক্ত কোঠাটোৰ সকলো বয়-বস্তু তথা আচবাব-পত্ৰ চেদেলি-ভেদেলি আৰু সিঁচৰিত হোৱালৈ চাই হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পূৰ্বে পিতা-পুত্ৰৰ মাজত বহু সময়ধৰি অৰিয়া-অৰি লগা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। অভিযুক্ত অৰিন্দমে দুটা নিশা একেটা ঘৰতে পিতৃৰ মৃতদেহৰ সৈতে কটোৱা বুলি স্থানীয় ৰাইজে সম্ভাৱনা ব্যক্ত কৰিছে।

উক্ত ঘটনাৰে জড়িত অৰিন্দমক উপযুক্ত শাস্তি বিহাৰ কামনা কৰিছে ৰাইজে । আৰক্ষীৰ উচিত তদন্তত এই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি সকলোৱে আশাব্যক্ত কৰিছে।

তোলনীয়া পুত্ৰই চোকা অস্ত্ৰৰে হত্যা কৰিলে পিতৃক
বটদ্ৰৱাৰ আইভেটি পকামূৰা দিচিয়াল সত্ৰৰ সত্ৰাধিকাৰ চুৰেন মহন্তৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in