বটদ্ৰৱাৰ আইভেটি পকামূৰা দিচিয়াল সত্ৰৰ সত্ৰাধিকাৰ চুৰেন মহন্তৰ বিয়োগ

বটদ্ৰৱাৰ আইভেটি পকামূৰা দিচিয়াল সত্ৰৰ সত্ৰাধিকাৰ চুৰেন মহন্তৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ আইভেটি পকামূৰা দিচিয়াল সত্ৰৰ সত্ৰাধিকাৰ চুৰেন মহন্তৰ বিয়োগ

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ আইভেটি পকামূৰা দিচিয়াল সত্ৰৰ সত্ৰাধিকাৰ চুৰেন মহন্তৰ বুধবাৰে নিজ বাসগৃহত বিয়োগ ঘটে। ৯২ বছৰ বয়সত পকামূৰা দিচিয়াল সত্ৰৰ সত্ৰাধিকাৰ গৰাকী বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়।

Advertisment

সত্ৰীয়া পৰম্পৰাৰে সত্ৰাধিকাৰগৰাকীক ভকত বৈষ্ণৱৰ লগতে অঞ্চলটোৰ ৰাইজে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। জ্যোতিষ শাস্ত্ৰত পাৰ্গত তথা বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Also Read: জামুগুৰিহাটৰ বাকোলা গাঁৱত বাঘৰ আতংক

satra batadraba