/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/ba190914-e05a-445b-8e2f-12afbc79bd1b/45.jpg)
ডিজিটেল সংবাদ,মাৰ্ঘেৰিটা : ভোগালীৰ প্ৰাকক্ষণত পুনৰ অঘটন ! এজন যুৱকৰ কৰুণ মৃত্যুৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। লিডু আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ কলিয়ৰী ভাৰত পেট্ৰল পাম্পৰ কাষত থক এটা কয়লা ডিপোত এজন যুৱকে কৰুণ মৃত্যুক আঁকোৱালি লয়।
জানিব পৰামতে, অবৈধ কয়লা ব্যৱসায়ৰ সৈতে জড়িত জনৈক ৰাণা, ভাস্কৰ নামৰ দুজন ব্যক্তিৰ কয়লা ডিপোত মহৰী ৰূপে কৰ্মৰত চেগুনবাৰী অঞ্চলৰ পাপু বৰুৱা(২৮) নামৰ যুৱকজনৰ শুকুৰবাৰে নিশা উক্ত কয়লা ডিপোতো ডাম্পাৰ পৰা জেচিবিৰে তেলৰ বেৰেল নমাই থকাৰ সময়তে জেচিবিখন ১১শ কেঃবি'ৰ বিদ্যুৎৰ তাঁৰত লাগে। এনে অৱস্থাত জেচিবিখনৰ কাষতে থকা পাপু বৰুৱা বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি লয়।
ইতিমধ্যে যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছে। অন্যহাতে এই অবৈধ কয়লা বেপাৰত নিয়োজিত হৈ মৃত্যু হোৱা সমগ্ৰ ঘটনা অন্যৰূপ দিবলৈ একাংশ কয়লা মাফিয়াই উঠিপৰি লাগিছে বুলি সূত্ৰত প্ৰকাশ। পেটৰ তাৰণাত অবৈধ কয়লা ব্যৱসায়ত কৰ্ম কৰিবলৈ গৈ মৃত্যু হোৱা পাপু বৰুৱাৰ পৰিয়ালে প্ৰকৃত ন্যায় পাব নে সেইয়া এতিয়া ডাঙৰ প্ৰশ্ন ।
সমগ্ৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে লিডু আৰক্ষী চকীৰ ছত্ৰছায়াত একাংশ চোৰাং কয়লা চোৰে কঠাফুলাৰ দৰে লিডু, টিৰাপ, টিকক আদি অঞ্চলত গঢ়ি তোলা কয়লাৰ ডিপোৱে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চললৈ অশনি সংকট কঢ়িয়াই আনিছে। লগতে অপৰাধীৰ ভূ-সৰ্গলৈ ৰূপান্তৰিত হৈছে। এইক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন হৈছে।
শনিবাৰে সংবাদমাধ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্য্যকৰি সভাপতি পাপু দত্তই কয় যে, মাৰ্ঘেৰিটা মহকুমাৰ লিডু অঞ্চলৰ পাটকাই পাহাৰ এতিয়া মৃত্যু উপ্যাতাকলৈ পৰিণত হৈছে। লিডু, পাটকাই, লালপাহাৰ, বম গাড়া, ঝৰ্ণা বস্তি, লিডু ৬নং আদি অঞ্চলসমূহত অবৈধভাৱে কয়লাৰ ডিপো, খনন আদি অব্যাহত থকাৰ পাছতো মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে এই অবৈধ ডিপো আৰু কয়লা খনন কাৰ্য্য বন্ধ কৰিবলৈ চেষ্টা নকৰা বিষয়টোৱে ৰহস্যৰ আবৃত সোমাই পৰিছে।
প্ৰতিমাহে কয়লা শ্ৰমিকৰ এনে মৃত্যু ঘটনা পোহৰলৈ অহাৰ পাছতো কোনো এক অদৃশ্য শক্তিয়ে এই ঘটনাসমূহ গাপ দি আহিছে। এনে চক্ৰৰ বিৰুদ্ধে মাৰ্ঘেৰিটা মহকুমাধিপতি প্ৰীতি কুমাৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে মৃতকৰ পৰিয়ালটোৱে উপযুক্ত ক্ষতিপূৰণ, ন্যায় নাপালে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ আন্দোলন কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি পাপু দত্তই হুংকাৰ প্ৰদান কৰে।
Also Read: টাইটানিকৰ আৰ্হিত নিৰ্মিত ভেলাঘৰে দৃষ্টি কাঢ়িছে বেবেজীয়াবাসীৰ