/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/842aae5f-973a-4a64-8873-81e7db4da719/44.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : ভোগালী বিহু উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্মাণ কৰা হৈছে ভেলাঘৰ। অৱশ্যে ৰাজ্যজুৰি ন-ন শৈলীৰে বিভিন্ন আৰ্হিৰ ভেলাঘৰ নিৰ্মাণৰ এক ধাৰা গঢ় লৈ উঠিছে।
এনে নৱ ধাৰাৰে নগাঁও জিলাৰ পশ্চিম শেনছোৱা মেজমেল সমিতিৰ উদ্যোগত সমিতিৰ সদস্যসকলৰ সহযোগত টাইটানিকৰ আৰ্হিত এটি ভেলাঘৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন থকাৰ অৱস্থাত মেজমেলৰ সদস্যসকলে বিগত কেইবাদিন আৰু ৰাতি একাকাৰ কৰি বৃহৎ টাইটানিকৰ আকৃতিৰ ভেলাঘৰটি নিৰ্মাণ কৰি উলিয়াইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/9d48ebbc-5e92-40b7-a5a4-305a76f7468f/28ccb4cb_670c_4a52_823f_6129f31444f2.jpg)
উল্লেখযোগ্য যে মেজমেলৰ সদস্যসকলৰ সহযোগত ভেলাঘৰৰ বাকৰিত তৃপ্তিৰে ভোগালীৰ সমূহীয়া ভোজ-ভাতৰো আয়োজন কৰা হৈছে । অন্যহাতে মেজমেল সমিতিৰ ভোগালীৰ আয়োজকবৃন্দই ভোগালীৰ আনন্দই সকলো অসূয়া অপ্ৰীতি নাশ কৰিব বুলি আশা কৰিছে।
Also Read: UPSCৰ বাচনিত ৬৯ সংখ্যক স্থান প্ৰাপ্তিৰে ছাৰ্ভে অৱ ইণ্ডিয়াৰ শীৰ্ষ পদত শিৱসাগৰৰ প্ৰণয় তামুলী