/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া:- তিনিচুকীয়া চহৰৰ উন্নয়নৰ হেতু তিনিচুকীয়া পৌৰসভাই ১৬টা নিৰ্মাণ কাৰ্যৰ বিপৰীতে মুকলি নিবিদা অনুষ্ঠিত কৰিবলৈ তৎপৰতা অৱলম্বন কৰিছে । পিছে ইয়াকে কেন্দ্ৰ কৰি পৌৰপতি জয়ন্ত বৰুৱা আৰু স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ মাজত মতবিৰোধ বৃদ্ধি পোৱা বুলি পৌৰসভাৰ বাহিৰে ভিতৰে চৰ্চিত হৈছে ।
এই নিবিদা প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা তথা মুকলি নিবিদাৰ পোষকতা কৰি পৌৰপতি জয়ন্ত বৰুৱাই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে যদিও মন্ত্ৰী সঞ্জয় কিষাণে মুকলি নিবিদাৰ বিপৰীত স্থিতি গ্ৰহণ কৰা বুলি গুৰুতৰ অভিযোগ উঠিছে । মন্ত্ৰীজনাই মুকলি নিবিদাৰ পৰিৱৰ্তে তেওঁৰ সোঁৱে-বাঁৱে থকা একাংশ বিজেপি পালিনেতাক লাভাৱাম্বিত কৰিবলৈ তথা সেইসকলে কামৰ আবন্টন পাবলৈকে মুকলি নিবিদাৰ বিৰোধিতা কৰা বুলি এক সূত্ৰই দাবী কৰিছে ।
পিছে অন্যায়ভাৱে নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মুঠেই পক্ষপাতি নহয় পৌৰপতি জয়ন্ত বৰুৱা । ইয়াকে লৈ জয়ন্ত বৰুৱা আৰু সঞ্জয় কিষাণৰ মাজত পুনৰ অন্ত:কন্দল সম্ভৱ হোৱা বুলি পৌৰসভাৰ ভিতৰে-বাহিৰে আলোচিত হৈছে । ইফালে আন এক সূত্ৰই পৌৰসভাৰ কেইবাগৰাকীও ৱাৰ্ড কমিছনাৰে পদত্যাগ কৰিব বুলি দাবী কৰিছে। সূত্ৰটোৰ মতে পৌৰপতিৰ পৰা সহযোগিতা নোপোৱাৰ বাবেই এইসকলে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
পিছে কোন কোন ৱাৰ্ড কমিছনাৰে পদত্যাগ কৰিব সেয়া সূত্ৰটোৱ স্পষ্ট কৰা নাই। লাভ কৰা তথ্য অনুসৰি পৌৰপতি জয়ন্ত বৰুৱাই গ্ৰহণ কৰা মুকলি নিবিদা প্ৰক্ৰিয়া বন্ধ কৰিবলৈকে এই পদ্ধতি গ্ৰহণ কৰা হৈছে তথা পদত্যাগৰ নাটক ৰছনা কৰা হৈছে বুলি সূত্ৰটোৱে দাবী কৰিছে । তেনেস্থলত কোন কোন ৱাৰ্ড কমিছনাৰে পদৰ পৰা পদত্যাগ কৰিব, ৰাজনৈতিক হেঁচাত মুকলি নিবিদা প্ৰক্ৰিয়া সম্ভৱ হ'বনে নহ'ব সেয়া সময়েহে ক'ব । নে কংগ্ৰেছৰ শাসনকালৰ দৰে বিজেপিৰ শাসনতো পৌৰসভাখনৰ বিপৰীতে কোটি কোটি টকাৰ কাম এচাম মুষ্টিমেয় লোকৰ মাজত সীমাবদ্ধ থাকিব সেয়াও সময়ে পোহৰলৈ আনিব ।
আৰু পঢ়ক: নগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন : এঘাৰ খন গ্ৰন্থ উন্মোচন