নগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন : এঘাৰ খন গ্ৰন্থ উন্মোচন

নগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন : এঘাৰ খন গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলা সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস শনিবাৰে জিলা সাহিত্য সভাৰ কমলা দেবী টোডি ভৱনত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি অনুষ্ঠানত কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰি অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাক জাতিটোক সুৰক্ষিত কৰাৰ স্বাৰ্থত অধিক গতিশীল কৰি তুলিবলৈ আহবান জনায়।

জিলা সাহিত্য সভাৰ সম্পাদক ৰেবত কুমাৰ হাজৰিকাই আত ধৰা অনুষ্ঠানটো উদ্ধোধন কৰে প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি কবি, প্ৰবন্ধকাৰ তথা নগাঁও জিলা অগপৰ সভাপতি মনি মাধৱ মহন্তই অসম সাহিত্য সভাৰ মজিয়ালৈ নৱ প্ৰজন্মৰ প্ৰতিনিধিক আকৰ্ষিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সভাক আহবান জনায়।

অনুষ্ঠানত বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী, ৰতি মোহন নাথ, নগাঁও কলেজৰ অধ্যক্ষ ড: শৰৎ বৰকটকী, অসম সাহিত্য সভাৰ নগাওঁ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আবুল খায়েৰ আহমেদ, হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ বৰঠাকুৰ, নগাঁও জিলা সাহিত্য সভাৰ বিষয়ববীয়াকে ধৰি ভালে সংখ্যক লোকে অংশ গ্ৰহণ কৰে।

অনুষ্ঠানত কেবাগৰাকী যুৱ প্ৰজন্মই " যুৱ প্ৰজন্মৰ দৃষ্টিত সাহিত্য সভা " শীৰ্ষক আলোচনাত অংশ গ্ৰহণ কৰি অসম সাহিত্য সভাক জনমুখী আৰু গতিশীল কৰাৰ বাবে কেবাটাও পৰামৰ্শ আগবঢ়ায়। সভাতেই ১১ খন গ্ৰন্থ উন্মোচন কৰা হয়।

উন্মোচন কৰা গ্ৰন্থ কেইখন হ'ল – ৰতিমোহন নাথৰ "ঐতিহ্যসন্ধানী " , ডঃ সূৰ্য হাজৰিকা,দীপিকা নাথৰ "যৌগিক আৰু প্ৰাকৃতিক চিকিৎসা, দীপা বৰুৱাৰ মদাহি জনগোষ্ঠ " , কাবেৰী মহন্তৰ "ৰম্য যাত্ৰাৰ এপলক" , অমিয়া গোস্বামীৰ "প্ৰবন্ধৰ সুৰঙ্গৰে ", পূবালী বৰুৱা শৰ্মাৰ "ধোঁ‌ৱাৰ চৰাই হৈ সময় ", দীপা পণ্ডিতৰ " ল'ৰাকণৰ গৰমৰ বন্ধ আৰু অকণিলৈ আখৰৰ উপদেশ " , ৰাতুল শৰ্মাৰ "আশাৰ কাৰেং " , দেৱযানী পাঠক শৰ্মাৰ "কলঙে মাতে ৰিঙিয়াই ", দুলুমণি শইকীয়াৰ "বৈ থকা মানে নদী নহয় "।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in