/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/hytyt.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া:- মূল্যবৃদ্ধিৰ প্ৰতিবাদত টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ তিনিচুকীয়া জিলা সমিতিয়ে মঙলবাৰে তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায় ।
প্ৰতিবাদৰ কালচোৱাত টাইপাৰ কৰ্মকৰ্তাসকলে 'মূল্যবৃদ্ধি হ্ৰাস কৰি সাধাৰণ জনতাক সকাহ দিয়ক, সঞ্চয় বৃদ্ধি কৰিবলৈ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, সৰ্বসাধাৰণক বিপদত পেলোৱা বিজেপি চৰকাৰ নিপাত যাওঁক, যোগান মন্ত্ৰী হায় হায়' আদি শ্ল'গান দি থানা চাৰিআলিৰ পৰিৱেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদৰ অন্তত টাইপাৰ জিলা সভাপতি দিপাংকৰ গগৈয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছ ইত্যাদি ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, নিৰ্মাণ সামগ্ৰী, ঔষধ, কৃষিৰ লগত জড়িত সামগ্ৰী তথা মানুহৰ জীৱন-জীৱিকাৰ লগত জড়িত সকলোশ্রেণীৰ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰি পেলাইছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্য অথবা কেন্দ্ৰ চৰকাৰে উদাসীন মনোভাৱ প্ৰকট কৰিছে ।
সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰকোপত ৰাইজে নিৰাপদ ভৱিষ্যত তথা উত্তৰ-পুৰুষৰ বাবে সঞ্চয় কৰিব পৰা নাই । ফলত বিত্তীয় খণ্ডৰ অৱস্থা শোচনীয় হৈ পৰিছে । বৈদেশিক ঋণত পোত গৈছে দেশ । চূড়ান্ত নিৰাপত্তাহীনতাত ভুগিছে দেশৰ নাগৰিক । মূল্যবৃদ্ধিৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ শ্রীলংকাৰ অৱস্থা কোন দিশে গতি কৰিলে তাৰ পৰা চৰকাৰে শিক্ষা ল'ব লাগে । শ্রীলংকাৰ দৰে ভাৰতৰ অৱস্থা হ'বলৈ হ'লে বিজেপি চৰকাৰেই জগৰীয়া হ'ব ।
অন্যহাতে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদীৰ ঢৌ উঠিছে যদিও গা-লৰা নাই চৰকাৰৰ । এইটোৱে ইয়াকে প্ৰমাণ কৰে যে সাধাৰণ জনতাৰ সমস্যা-সংকটৰ প্ৰতি তিলমানো গুৰুত্ব নাই ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ । টাইপাৰ সভাপতি গৰাকীয়ে এইদৰে কয় । আজিৰ কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় উপ-সভাপতি জয়ন্ত গগৈয়ো উপস্থিত থাকি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনায় ।
আৰু পঢ়ক: টকাৰ মূল্য হ্ৰাস, ১ ডলাৰৰ বিপৰীতে হ'লগৈ ৭৭.৫০ টকা…