টকাৰ মূল্য হ্ৰাস, ১ ডলাৰৰ বিপৰীতে হ’লগৈ ৭৭.৫০ টকা…

টকাৰ মূল্য হ্ৰাস, ১ ডলাৰৰ বিপৰীতে হ’লগৈ ৭৭.৫০ টকা…

ডিজিটেল ডেস্ক: মোডী চৰকাৰে বিকাশৰ জয়গান গাই আহিলেও ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস পাইছে।

বিগত কেইমাহ মানত ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস অবিৰতভাৱে ঘটিছে যদিও সোমবাৰে এই অৱমূল্যায়নে অভিলেখ ৰচনা কৰে।

সোমবাৰৰ দিনটোৰ ভিতৰত ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৫০ পইচাৰ অৱমূল্যায়ন ঘটে। মুদ্ৰা বজাৰত দিনটোৰ এটা সময়ত প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৭৭.৫৮ টকালৈ হ্ৰাস পাই যদিও বিয়লিলৈ এই মূস্য ৭৭.৫০ টকাত সুস্থিৰ হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in