ভাষা ওজাৰ সোঁৱৰণত বৃক্ষ ৰোপণেৰে লাচিত দিৱস উদযাপন পৰিৱেশ সুৰক্ষা সমিতি, অসমৰ...

সুন্দৰী গছপুলি ৰোপণেৰে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰে পৰিৱেশ সুৰক্ষা সমিতি, অসমে
tinsukia
tinsukia

ডিজিটেল সংবাদ, তিনিচুকীয়া :- ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণত সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানৰ পৰা সংগ্ৰহ কৰা সুন্দৰী গছপুলি ৰোপণেৰে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰে পৰিৱেশ সুৰক্ষা সমিতি, অসমে । তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰত আয়োজিত গছপুলি ৰোপণ কাৰ্যসূচীত অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহান বীৰগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰি পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত সুন্দৰী গছৰ পুলি ৰোপনেৰে জন্মজয়ন্তী উদযাপন কৰে ।

উল্লেখ্য যে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁইৰ আহ্বান মৰ্মে বিগত ডেৰ বছৰ ধৰি উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰৰ চৌহদত পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাষাৰ ওজাৰ সোঁৱৰণত গছপুলি ৰোপণ আৰু প্ৰতিপালন কাৰ্যসূচী অব্যাহত ৰাখিছে তথা ইতিমধ্যে কেইবাটাও গছপুলি লহপহকৈ বাঢ়িব ধৰিছে। আজিৰ কাৰ্যসূচীৰ অন্যতম বিশেষত্ব হ'ল পৰিৱেশ সুৰক্ষা সমিতিৰ জিলা উপ-সভাপতি জীৱন দত্তই সুদূৰ পশ্চিমবংগৰ পৰা অনা দুটা সুন্দৰী গছৰ পুলিৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণত গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ।

স্মৰ্তব্য যে সুন্দৰী গছৰ বাবেই পৃথিৱী বিখ্যাত সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানখন নামাকৰণ কৰা বুলি জনা যায় । আজিৰ গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অসম চৰকাৰৰ উদ্যোগত দেশৰ ৰাজধানী দিল্লীত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী ৰাষ্ট্ৰীয়ভাৱে উদযাপনৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি বীৰজনাৰ শৌৰ্য-বীৰ্য তথা দেশভক্তিৰ কাহিনীৰ জৰিয়তে দেশৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী অনুপ্ৰাণিত হ'ব পৰাকৈ বিদ্যালয়ৰ পাঠ্য-পুথিত বীৰজনাৰ জীৱন বিতান্ত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।

আজিৰ কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি দিগন্ত ভট্ট, সাংস্কৃতি সম্পাদক জিন্টু শইকীয়া, সদস্য অপূৰ্ব দাস, জিলা সভাপতি পৱন বৰুৱা, উপ-সভাপতি ক্ৰমে জীৱন দত্ত, স্বপন দে আৰু ৱাজিদ খান, সহকাৰী সম্পাদক কিশোৰ শ্বাহ, প্ৰতিপালন সম্পাদক ৰাজু বৰ্মন, সমাজ সেৱক পাপু আহমেদ আদি উপস্থিত থাকি কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in