/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/tins.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া:- তিনিচুকীয়া ৰে'ল আৰক্ষী আৰু টাক্স ফ'ৰ্চে চোৰাংচোৱাৰ খবৰৰ ভিত্তিত বুধবাৰে পুৱা ১৫৬০৩ নম্বৰ কামাখ্যা-লিডু এক্সপ্ৰেছত অভিযান চলাই বুজন পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুই মহিলাক আটক কৰে ৷ ধৃত মহিলা দুগৰাকীৰ পৰা অভিযানকাৰী দলটোৱে ব্ৰাউন চুগাৰভৰ্তি ৩০ টা কন্টেনাৰত জব্দ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/WhatsApp-Image-2022-06-01-at-8.01.25-PM-1024x594.jpeg)
ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় ৩.৫০ কোটি টকা বুলি ঠাৱৰ কৰা হৈছে ৷ ব্ৰাউন চুগাৰখিনি ডিমাপুৰৰ কালু নামৰ এজন ড্ৰাগছ মাফিয়াৰ পৰা সংগ্ৰহ কৰি ৰে'লেৰে দুলীয়াজানলৈ বুলি অনা হৈছিল । কিন্তু অভিযানকাৰী দলটোৱে নিউ তিনিচুকীয়া ষ্টেচনত অভিযান চলাই দুয়োকে আটক কৰিবলৈ সক্ষম হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/WhatsApp-Image-2022-06-01-at-8.01.25-PM-1-1024x461.jpeg)
অৱশ্য অভিযানকাৰী দলটোৱে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকীৰ নাম-ঠিকনা সন্দৰ্ভত তথ্য ৰাজহুৱা কৰা নাই । ইয়াৰ পূৰ্বেও দুবাৰ একেদৰে ড্ৰাগছ সৰবৰাহ কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ধৃত দুই মহিলাই ৷ তিনিচুকীয়া ৰে'ল আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত ধৃত মহিলাদুগৰাকীক জেৰা চলাই আছে ৷
আৰু পঢ়ক: কলিকতাত গৰমে দহিলে, মৰমে কাঢ়িলে KK ক…