নিউ তিনিচুকীয়া ৰে'ল ষ্টেচনত আৰক্ষীৰ অভিযান : লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক দুজনক...

নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচনৰ পৰা সন্দেহজনক হেৰ’ইনসহ এহাল যুৱক-যুৱতীক আটক কৰে
tinsukia
tinsukia

ডিজিটেল সংবাদ, তিনিচুকীয়া :- ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ মাজতে ১১ নৱেম্বৰৰ নিশা চোৰাং চোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাই নিউ তিনিচুকীয়া ৰে'লৱে ষ্টেচনৰ পৰা সন্দেহজনক হেৰ’ইনসহ এহাল যুৱক-যুৱতীক আটক কৰে ৷

ধৃত যুৱক-যুৱতীহাল ক্ৰমে প্ৰণৱ দৰ্জী (২৩) আৰু প্ৰিয়ংকা শইকীয়া (১৮) বুলি আৰক্ষীয়ে সূত্ৰত প্ৰকাশ কৰিছে ৷ জানিব পৰা মতে প্ৰণৱ দৰ্জীৰ ঘৰ শদিয়া আৰক্ষী থানাৰ অন্তৰ্গত মিলন নগৰত ৷

আনহাতে প্ৰিয়ংকা শইকীয়াৰ বৰ্তমানৰ ঠিকনা দুলীয়াজানৰ কমলাবাৰী পথৰ ১৬ নং তিনিআলি যদিও তেওঁৰ স্থায়ী ঠিকনা হৈছে নাহৰকটীয়াৰ চাঁচনী বৰবাম গাঁও ৷ দুয়ো ৰঙিয়া এক্সপ্ৰেছত ডিমাপুৰৰ পৰা ড্ৰাগছসহ তিনিচুকীয়ালৈ আহিছিল ৷

আৰক্ষীয়ে দুয়োৰে পৰা মুঠ ১১২.৯৬ গ্ৰাম পৰিমাণৰ ৮ পেকেট সন্দেহজনক হেৰ’ইন জব্দ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in