/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/13b7f885-40cf-4c8a-9db5-cec34158c09e/sda.jpg)
margherita
ডিজিটেল সংবাদ, তিনিচুকীয়া :- কয়লা চুৰি তথা চোৰাং কয়লাৰ অবৈধ বেহাৰ শিৰোনামাৰ শীৰ্ষত থকা মাৰ্ঘেৰিটা মহকুমাত এইবাৰ চোৰাং কাঠ, শিল-বালিৰ অবৈধ ব্যৱসায়ে গা-কৰি উঠা বুলি গুৰুতৰ অভিযোগ উঠিছে।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আৰু টিৰাপ-জাগুন আঞ্চলিক সমিতিয়ে এই অভিযোগ তুলি এনে অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত শনিবাৰে মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াত ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদকাৰীসকলে 'বন বিভাগৰ নিদ্ৰা ভংগ কৰক, ডিগবৈ ডিএফঅ'ৰ কমিছনৰাজ বন্ধ কৰক, ডিগবৈ বন সংমণ্ডলত চলি থকা দুৰ্নীতি-অনিয়মৰ তদন্ত কৰক' আদি বিভিন্ন শ্ল'গান দি মাৰ্ঘেৰিটাৰ ৰাজপথ উত্তাল কৰে। প্ৰতিবাদৰ অন্তত পৰিষদে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনক এক দাবীসম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰি মহকুমাটোত অবৈধ কাৰ্যকলাপ বন্ধ কৰিবলৈ দাবী জনায় ।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চন বৰাই ক্ষোভেৰে কয় যে মাৰ্ঘেৰিটা মহকুমাৰ পূব, পশ্চিম, জাগুন আৰু লেখাপানী বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন সংৰক্ষিত বনাঞ্চলসমূহত সুদীৰ্ঘদিন ধৰি চোৰাং কাঠৰ বেহাৰ লগতে অবৈধভাৱে শিল-বালিৰ খনন আৰু সৰবৰাহ অব্যাহত আছে যদিও কমিচনৰ অংকত ডিগবৈৰ ডিএফঅ' গৰাকীয়ে এনে চোৰাং কাৰ্যকলাপৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা নাই ।
যাৰ বাবে সংৰক্ষিত বনাঞ্চলসমূহ ক্ৰমশ ধ্বংসৰ দিশে গতি কৰিছে। তাতোকৈ ডাঙৰ কথাটো হ'ল চোৰাং কাঠ মাফিয়াই মাৰ্ঘেৰিটা মহকুমাৰ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী টিংকুপানী, নামফাই, টিপং, পাহাৰপুৰ, নামদাং আদি বনাঞ্চলৰ গছ কাটি চুবুৰীয়া ৰাজ্যখনৰ জয়ৰামপুৰ, নামপং আদিত থকা ভেনিয়াৰ মিলসমূহলৈ যোগান ধৰি আহিছে । আৰু সেই মিলৰ পৰাই মাৰ্ঘেৰিটা মহকুমাৰ মাজেৰে দেশৰ বিভিন্ন প্লাইউদ উদ্যোগলৈ ভেনিয়াৰ পাত সৰবৰাহ হৈ আছে ।
ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰীগৰাকীৰ পৃষ্ঠপোষকতাত এনেবোৰ অবৈধ বেহা চলি আছে বুলি সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰি এনেবোৰ অবৈধ কাৰবাৰত জনৈক দিলীপ ফুকন, ৰাজু খান, ভাই ছেত্ৰী, জয়ছোৱাল, বিজয় বৰা, পূৰ্ণ বৰা, অঞ্জন দত্ত, চেতিয়া, হৰেণ, বুবু, চেখু, লু, পিনু দত্ত, বি তামাং, দুৱৰী, ৱাৰিছ খান, গুণিন গগৈ, পাটোৱাৰী নামৰ চোৰাং ব্যৱসায়ীকেইটা জড়িত থকা বুলি কয় ।
ডিগবৈৰ ডিএফঅ'ক মেনেজ কৰি এইসকলে দিনে-নিশাই মাৰ্ঘেৰিটা মহকুমাৰ মাজেৰে অবাধে কাঠ, শিল, বালিৰ চোৰাংভাৱে সৰবৰাহ কৰি আছে বুলি তেওঁ দাবী কৰে। তেওঁ শীঘ্ৰে অসমৰ বনমন্ত্ৰীক মহকুমাটোত চলি থকা অবৈধ বেহা বন্ধ কৰিবলৈ দাবী জনায় ।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক যদু সোণোৱালৰ লগতে মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি বিমল সিং আৰু সাধাৰণ সম্পাদক ৰাজীৱ ৰণৰাং, টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে হিতেশ্বৰ চেতিয়া আৰু বিপুল চেতিয়া উপস্থিত থাকে ।
আৰু পঢ়ক : নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী পালন...