ভয়ানক; তিনিচুকীয়াৰ ড্রাগছ আসক্ত যুৱক-যুৱতীৰ দেহত HIV...

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা। তিনিচুকীয়াৰ ড্রাগছ আসক্ত যুৱক-যুৱতীৰ দেহত HIV

author-image
Asomiya Pratidin
New Update
ভয়ানক; তিনিচুকীয়াৰ ড্রাগছ আসক্ত যুৱক-যুৱতীৰ দেহত HIV...

ডিজিটেল ডেস্ক : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা। সময়ে সময়ে ৰাজ্যৰ প্ৰান্ত প্ৰান্তে ড্ৰাগছ সৰবৰাহৰ ঘটনা সংঘটিত হোৱাৰ সমান্তৰালভাবে গ্ৰেপ্তাৰ হৈয়ে আছে ইজনৰ পাছত সিজনলোক। তেনে সময়তে এটা ভয়ানক খবৰে জোকাৰিছে ৰাজ্য।

Advertisment

তিনিচুকীয়াৰ ড্রাগছ আসক্ত যুৱক-যুৱতীৰ দেহত ধৰা পৰিছে এইছ আই ভি (HIV)। যি খবৰে সংকিত কৰিছে সচেতন ৰাজ্যবাসীক। কেইবাজনো ড্রাগছ আসক্ত যুৱক-যুৱতীৰ দেহত ধৰা পৰিছে এই মাৰাত্মক এইছ আই ভি।

ড্ৰাগছৰ ক্ষেত্ৰত প্ৰশাসন যিমানেই কঠোৰ হৈছে সিমানেই যেন আসক্তি বাঢ়িছে যুৱপ্ৰজন্মৰ মাজত। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই প্ৰতিদিনে জব্দ কৰিয়েই আছে নিচাজাতীয় সামগ্ৰী।

বুধবাৰৰ দিনটোতো গুৱাহাটী মহানগৰীৰ ISBTৰ পৰা জব্দ কৰা হৈছে ১৫০ গ্রাম হেৰ’ইন। আনহাতে মঙলবাৰে এগৰাকী আফ্ৰিকান মহিলাৰ পৰা হায়দৰাবাদৰ এটা বিমান বন্দৰত তলাচী কোষে জব্দ কৰিছিল বুজন পৰিমাণৰ হেৰ’ইন। যি খবৰে চিন্তিত কৰিছে দেশবাসীক।

Also Read: এইবাৰ মহানগৰীৰ ISBTত জব্দ ১২ লাখ টকা মূল্যৰ হেৰ’ইন: আটক...

Assam police