এইবাৰ মহানগৰীৰ ISBTত জব্দ ১২ লাখ টকা মূল্যৰ হেৰ’ইন: আটক...

অব্যাহত আছে কামৰূপ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত মহানগৰীৰ ISBTৰ পৰা জব্দ কৰা হৈছে ১০ পেকেট হেৰ’ইন

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ দেহাৱসান, তিনিদিনীয়াকৈ ৰাজ্যিক শোক ঘোষণা…

ডিজিটেল ডেস্ক : অব্যাহত আছে কামৰূপ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত মহানগৰীৰ ISBTৰ পৰা জব্দ কৰা হৈছে ১০ পেকেট হেৰ’ইন। জব্দকৃত হেৰ’ইনখিনিৰ পৰিমাণ হ'ল ১৫০ গ্রাম।

ঘটনাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ৩ হেৰ’ইন সৰবৰাহকাৰীক। উল্লেখ্য হেৰ’ইনখিনিৰ বজাৰ মূল্য প্রায় ১২ লাখ টকা। গ্রেপ্তাৰ হোৱা ৩ সৰবৰাহকাৰী হ'ল অৰুণাচলৰ কিজ গামলিন, থমাছ গায়েদী আৰু গহপুৰৰ ৰাম চুব্বা। ঘটনাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে অভিযুক্ত কেইজনৰ জেৰা অব্যাহত ৰাখিছে।

Also Read: ডেৰকুৰি অনুবাদকেৰে কাজিৰঙাত ভাষা-সাহিত্য প্ৰচাৰৰ ৫দিনীয়া বিশেষ কৰ্মশালা...

Assam police