চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বৃহৎ পৰিমাণৰ চোৰাং কাঠ,গৰু গাড়ী জব্দ

জব্দ কৰা চোৰাং কাঠ আৰু গৰুৰ বজাৰ মূল্য প্ৰায় ২০ লক্ষাধিক টকা বুলি অনুমান কৰা হৈছে
চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বৃহৎ পৰিমাণৰ চোৰাং কাঠ,গৰু গাড়ী জব্দ

ডিজিটেল সংবাদ,চিৰাং : চিৰাঙত বনবিভাগৰ দ্বাৰা উচ্ছেদিত গাঁৱত বনাঞ্চল ধ্বংস কৰি চোৰাং কাঠ সৰবৰাহ অব্যাহত আছে । বুধবাৰে নিশাৰ ভাগত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা ৰেঞ্জৰ ৰিপু সংৰক্ষিত বনাঞ্চলত বনবিভাগৰ অভিযান চলাই চোৰাং কাঠ কঢ়িয়াই লৈ যোৱা ৭ খন গৰু গাড়ী আৰু ১৩ টা গৰু জব্দ কৰে ।

জব্দ কৰা চোৰাং কাঠ আৰু গৰু কেইটাৰ বজাৰ মূল্য প্ৰায় ২০ লক্ষাধিক টকা বুলি অনুমান কৰা হৈছে । এক গোপন সূত্ৰ যোগে তথ্য লাভ কৰে যে নিশা ৰিপু সংৰক্ষিত বনাঞ্চলৰ গৰুৰ গাড়ীৰে চোৰাং কাঠ কঢ়িয়াই অনা খবৰ লাভ কৰি বনবিভাগৰ লোকে কলোবাৰী আৰু ওদালগুৰী গাঁৱত অভিযান চলাই গৰু গাড়ী সহ চোৰাং কাঠ খিনি জব্দ কৰে ।

আনহাতে বনবিভাগৰ অভিযানৰ উমান পাই এন্ধাৰৰ সুযোগ লৈ চোৰাং কাঠ কঢ়িয়াই অনা লোকসকলে পলায়ন কৰে। পিছত বনবিভাগৰ লোকে নিশাৰ ভাগতে জব্দ কৰা চোৰাং কাঠসহ গৰু গাড়ী কেইখন শান্তিপুৰত আনি ৰাখে ।

উল্লেখ্য যে যোৱা ৩০ জানুৱাৰীত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰিপু সংৰক্ষিত বনাঞ্চলত গছ গছনি কাটি তহিলং কৰি অবৈধভাৱে স্থাপন কৰা কলোবাৰী আৰু ওদালগুৰী গাঁৱত বি টি চি প্ৰশাসনৰ পৰা উচ্ছেদ অভিযান চলোৱা হৈছিল । লক্ষ্যনীয় বিষয় যে কালি নিশা বনবিভাগৰ লোকে উচ্ছেদিত কলোবাৰী আৰু ওদালগুৰী গাঁৱতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিছে ।

ইপিনে একাংশ ৰাজনৈতিক দলে নিজৰ ৰাজৈনতিক স্বাৰ্থ পূৰণৰ লক্ষ্যৰে পাকে প্ৰকাৰন্তৰে সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি লোক বসতি স্থাপন কৰা প্ৰবজনকাৰী লোকসকলক বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই উচটনি দি বন ধ্বংসৰ কাৰ্য্যত উৎসাহিত কৰা ঘটনাক বনবিভাগৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে ।

সংৰক্ষিত বনাঞ্চলত বেআইনী প্ৰৱেশ কৰি বন ধ্বংসৰ কাৰ্য্যত প্ৰত্যক্ষ ভাবে জড়িত উচ্ছেদিত লোক সকলক লৈ ৰাজনীতি আৰম্ভ কৰা লোক সকলৰ ভূমিকাক প্ৰকৃতিপ্ৰেমী দল সংগঠন বোৰে সহজ ভাৱে মানি ল'ব পৰা নাই । পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ৰাজনৈতিক দল সংগঠনৰ ভূমিকা নাথাকে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in