/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/09ae1369-3f3e-424e-9157-ec55807ed1ec/numaligarh.jpg)
ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ অসম বায়’ ৰিফাইনেৰীৰ মুখ্য দ্বাৰত বায়’ ৰিফাইনেৰী ঠিকাদাৰ সন্থাৰ প্ৰতিবাদী দ্বাৰ সভা। স্থানীয় ঠিকাদাৰ আৰু বায়’ ৰিফাইনেৰীৰ মূল ঠিকাদাৰী প্ৰতিষ্ঠান টুৱামেনৰ ওপৰত অল কোৱাই নামৰ চাহানুৰ আহমেদৰ মালিকানাধীন প্ৰতিষ্ঠানৰ বিৰুদ্ধে বায়’ ৰিফাইনেৰী নিৰ্মান কাৰ্যত ব্যাঘাত জন্মোৱাৰ অভিযোগত এই প্ৰতিবাদী সভা ৷
জানিব পৰা মতে মূল ঠিকাদাৰী প্ৰতিষ্ঠান টুৱামেনৰ বিষয়া কৰ্মচাৰীক চাহানুৰ আহমেদৰ গুণ্ডা বাহিনীয়ে ভয় ভাবুকি প্ৰদান কৰি সমগ্ৰ বায়’ ৰিফাইনেৰীৰ ঠিকাদাৰসকলৰ বদনাম কৰিছে বুলি অভিযোগ আনিছে বায়’ ৰিফাইনেৰীৰ ঠিকাদাৰ সন্থাই ৷ বঙাইগাঁৱৰ পৰা আহি চাহানুৰ আহমেদে স্থানীয় উপ ঠিকাদাৰক ঠগ -প্ৰবঞ্চনা তথা ভাবুকি প্ৰদানৰ অভিযোগ কৰিছে ঠিকাদাৰ সন্থাই ৷
অসম বায়’ ৰিফাইনেৰীৰ ৮০ শতাংশ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত চাহানুৰৰ দৰে ঠিকাদাৰে বায়’ ৰিফাইনেৰীৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাত বাধাৰ সৃষ্টি কৰাৰো আশংকা কৰিছে এ বি আৰ পি এল কন্ট্ৰেকটৰ এচ’চিয়েচনে ৷ ইয়াৰোপৰি ভোগালী বিহুৰ উৰুকাৰ আগদিনা চাহানুৰৰ শ্ৰমিকে প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ বাবেই দুগৰাকী সাংবাদিকলৈ চাহানুৰৰ উকীলে আইনী জাননী প্ৰেৰণ কৰা বিষয়টোত ঠিকাদাৰ সন্থাই দুখ প্ৰকাশ কৰাৰ লগতে চাহানুৰক গৰিহণা দিছে ৷
শীঘ্ৰেই চাহানুৰক NRLআৰু ABRPLৰ সকলো ঠিকা কামৰ পৰা বিতাৰিত কৰিবৰ বাবে গোলাঘাট প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে বুলি জানিবলৈ দিয়ে ৷
আৰু পঢ়কঃ ২ MLA ৰে চৰকাৰৰ অংশীদাৰ হোৱা BJPয়ে প্ৰতিদ্বন্দিতা কৰিব মেঘালয় বিধানসভাৰ আটাইকেইখন আসনত...