কাজিৰঙাৰ পানবাৰীত মৃত নাহৰফুটুকী উদ্ধাৰ…

কাজিৰঙাৰ পানবাৰীত মৃত নাহৰফুটুকী উদ্ধাৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, বোকাখাত: কাজিৰঙাৰ পানবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ নাহৰফুটুকী বাঘৰ মৃতদেহ। বুধবাৰে পুৱা তহলদাৰী বন বিভাগৰ বনকৰ্মীয়ে ঘাইপথৰ কাষত প্ৰত্যক্ষ কৰে বাঘটো।

বৰ্তমানলৈ বাঘটোৰ মৃত্যুৰ কাৰণ জানিবলৈ পৰা নাই যদিও বাহনৰ খুন্দাত বাঘটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।

আনহাতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত বাঘটো লৈ যোৱা হৈছে কাজিৰঙাৰ পানবাৰীত স্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰলৈ।

আৰু পঢ়ক: জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত…

bokakhat assam