জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত…

জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত…

ডিজিটেল সংবাদ,জোনাই : জোনাই সদৰ থানা সমীপৰ কাননগুৰি গাঁৱৰ দৈনিক বজাৰ পথত বুধবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে এজনৰ নিহত হয়।

জানিব পৰামতে জোনাইৰ কাননগুৰি গাঁৱৰ নিবাসী সঞ্জীৱ মিলি (40) নামৰ ব্যক্তিজন ম'বাইল ৰিচাৰ্জ কৰিবলৈ ঘৰৰ পৰা স্কুটিৰে ওলাই যাঁওতে জোনাই দৈনিক বজাৰ পথত বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী বাইক এখন সঞ্জীৱ মিলিৰ স্কুটিত খুন্দিওৱা ফলত ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত জোনাই কাননগুৰি গাঁৱৰ সঞ্জীৱ মিলি (৪0) থিতাতে নিহত হয় আৰু বাইক আৰোহী মহমাৰা গাঁৱৰ দিপাংকৰ কাছাৰী নামৰ যুৱকজন গুৰুত্বভাৱে আহত হয়। আহত যুৱকজনক সংকটজনক অৱস্থাত ৰুকচিনৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় লৈ প্ৰেৰণ কৰে।

আৰু পঢ়ক:

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in