ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল গছ; আবদ্ধ শ-শ যান-বাহন...

ধুমুহা-বৰষুণৰ ফলত মঙ্গলদৈ-বাইহাটা সংযোগী পথৰ ওপৰত গছ বাগৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাত্ৰী আবদ্ধ হৈ পৰে

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল গছ; আবদ্ধ শ-শ যান-বাহন...

ডিজিটেল ডেস্ক : ৰাজ্যৰ প্ৰান্ত প্ৰান্তে আজি পুৱাৰ ভাগৰে পৰা প্ৰবল ধুমুহা-বৰষুণ দেখিবলৈ পোৱা যায়। বহু অঞ্চলত ক্ষতি সাধন কৰা এই ধুমুহা-বৰষুণৰ ফলত মঙ্গলদৈ-বাইহাটা সংযোগী পথৰ ওপৰত গছ বাগৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বহু যাত্ৰী আবদ্ধ হৈ পৰে। পথৰ মাজতে বহু সময় ধৰি আৱদ্ধ হৈ থাকে গুৱাহাটী আৰু তেজপুৰ অভিমুখী শ-শ যান-বাহন।

Advertisment

আনহাতে এই ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে বিশ্বনাথ ঘাটৰ বিভিন্ন অঞ্চলত। প্ৰবল বৃষ্টিপাত আৰু বতাহৰ ফলত দুজোপা প্ৰকাণ্ড গছ উঘালি গিৰিন্দ দাস নামৰ ব্যক্তি জনৰ ঘৰ ভাঙি সম্পূৰ্ণ ৰূপে চুৰ-মাৰ হয়। উল্লেখ্য যে, কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ।

এই ধুমহা-বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঘৰ-বাৰীৰ উচন হোৱাৰ লগতে বিজুলী-যাতায়তৰ সংযোগো বিচ্ছিন্ন হৈছে।

Also Read: নীতি আয়োগৰ অষ্টম পৰিচালনা পৰিষদৰ বৈঠক: সভাপতিত্ব প্ৰধানমন্ত্ৰী মোডীৰ...

thunderstorm GOVT OF ASSAM