/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/176cd76a-4487-4f5e-bf48-e6e79e4de3b0/44.jpg)
ডিজিটেল সংবাদ, লামডিংঃ দেশৰ ৭৫তম গণতন্ত্ৰ দিৱসৰ দিনাই লামডিঙত আৰক্ষীৰ জালত তিনিজন যুৱক ৷ লামডিং আৰক্ষীৰ তহলদাৰী দলৰ হাতত তিনিজনকৈ চিকাৰীক আটক কৰে।
গণতন্ত্ৰ দিৱসৰ ৰাতিপুৱাই লামডিং আৰক্ষীৰ তহলদাৰী এটা দলে লামডিং বনাঞ্চলৰ পৰা তিনিজনকৈ যুৱকক বন্দুকসহ হতে লুটে আটক কৰে ৷ যুৱককেইজনে লামডিং সংৰক্ষিত বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ বনৰীয়া পক্ষীক নিধন কৰি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
আটক কৰা যুৱক তিনিজন লামডিং RPSF ক'লনীৰ নিবাসী সাগৰ, অমন আৰু ৰাহুল বুলি জানিব পৰা গৈছে । তিনিওজনৰ পৰা এটা চিকাৰ কৰা বন্দুকৰ লগতে পাঁচ প্ৰজাতিৰ পাঁচটা মৃত চৰাই উদ্ধাৰ কৰাৰ লগতে বনৰীয়া চৰাই চিকাৰ কৰাৰ সামগ্রিও উদ্ধাৰ কৰে ৷ লামডিং আৰক্ষীয়ে তিনিওকে লামডিং বন বিভাগক চমজাই দিয়ে ৷
Also Read: মণিপুৰত ১১.৬৩৬ কোটি টকাৰ বাৰ্মিজ চুপাৰী আৰু কাঠ জব্দ