বিহালীত অচিন ৰোগত পৰি একেটা পৰিয়ালৰ তিনি যুৱতীৰ মৃত্যু...

বিহালীত এতিয়া মৃত্যুৰ কিৰিলি। কোনো অচিন ৰোগত পৰি অকাল মৃত্যুক সাবতিলে একে পৰিয়ালৰ তিনি গৰাকীকৈ যুৱতীয়ে ৷
বিহালীত অচিন ৰোগত পৰি একেটা পৰিয়ালৰ তিনি যুৱতীৰ মৃত্যু...

ডিজিটেল সংবাদ, বিহালীঃ বিহালীত এতিয়া মৃত্যুৰ কিৰিলি। কোনো অচিন ৰোগত পৰি অকাল মৃত্যুক সাবতিলে একে পৰিয়ালৰ তিনি গৰাকীকৈ যুৱতীয়ে ৷

দেহাত মাজু আইৰ সদৃশ ফোঁহা হৈ অত্যন্ত গাৰ বিষত পৰি অকাল মৃত্যুক সাৱতি ল'লে একেটা পৰিয়ালৰ তিনি গৰাকীকৈ যুৱতীয়ে ৷ যাৰবাবে সম্প্ৰতি সমগ্ৰ বিহালীতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

উল্লেখ্য যে যোৱা ১১ মাৰ্চত বিহালীৰ ভীমদঙ্গা গাওঁৰ নিৱাসী বিৰেণ ঘাটোৱাৰৰ ২৭ বছৰীয়া জীয়ৰী ৰঞ্জু ঘাটোৱাৰ আৰু মণিকা ঘাটোৱাৰ (২৫) এক অচিন ৰোগত আক্ৰান্ত হৈ তেজপুৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন আছিল যদিও অৱশেষত মৃত্যু হয় ৷ তাৰপিচত দুই যুৱতীৰ শ্ৰাদ্ধৰ কেই দিন মান পাছত আন গৰাকী ভগ্নী ১৩ বছৰীয়া লক্ষ্মী ঘাটোৱাৰৰো দেহাতো দেখা পোৱা গল এই অচিন ৰোগ।

অৱশেষত শনিবাৰে নিশা নিজ গৃহত মৃত্যু হয় ১৩ বছৰীয়া লক্ষ্মী ঘাটোৱাৰ । ইফালে শেহতীয়াভাৱে বিৰেণ ঘাটোৱাৰৰ আন গৰাকী যুৱতী জোনো ঘাটোৱাৰ(২৫) ৰ দেহাতো অচিন ৰোগ ধৰা পৰিছে ৷

একেটা পৰিয়ালৰ তিনিগৰাকী যুৱতী ক্ৰমে- ৰঞ্জু ঘাটোৱাৰ(২৭) , মনিকা ঘাটোৱাৰ (২৪) আৰু লক্ষ্মী ঘাটোৱাৰ(১৩) অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ঘটনাই বিহালীত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷ আনহাতে বিশ্বনাথ জিলা স্বাস্থ্য বিষয়া সকলে মাজু আই সদৃশ ৰোগটোৰ চিনাক্তৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

বিহালীত অচিন ৰোগত পৰি একেটা পৰিয়ালৰ তিনি যুৱতীৰ মৃত্যু...
জামুগুৰিহাটৰ দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in