জামুগুৰিহাটৰ দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

জামুগুৰিহাটৰ দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৩৯ তম প্ৰতিষ্ঠা দিৱস শনিবাৰে উদযাপন কৰা হয় ৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ পুৱা পতকা উত্তোলন কৰে বিদ্যালয়ৰ ছাত্ৰ সংসদৰ উপাধ্যক্ষ অঞ্জন বাচকোটাই ।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ  প্ৰতিষ্ঠা দিৱস উদযাপন...

প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৩৯ তম প্ৰতিষ্ঠা দিৱস শনিবাৰে উদযাপন কৰা হয় ৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ পুৱা পতকা উত্তোলন কৰে বিদ্যালয়ৰ ছাত্ৰ সংসদৰ উপাধ্যক্ষ অঞ্জন বাচকোটাই ।

Advertisment

স্মৃতি তৰ্পন মুকলি কৰে অৱসৰী প্ৰধান শিক্ষক ভবানী কুমাৰ শৰ্মাই । বিদ্যালয় খনিৰ প্ৰতিষ্ঠাপক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰ কান্ত শৰ্মাই বন্তী প্ৰজ্বলন কৰাৰ পিছতে আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি চন্দন উপাধ্যায়ে।

আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয় খনিৰ প্ৰধান শিক্ষক বল্লভ চাপাগাঁইয়ে । অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লীলা কান্ত শৰ্মাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰসংগত বিদ্যালয়খনিৰ প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে শৈক্ষিক অগ্ৰগতি, শৈক্ষিক প্ৰত্যাহ্বান আৰু সমাজ তথা অভিভাৱকৰ কৰণীয় সম্পৰ্কে মননশীল বক্তব্য প্ৰদান কৰে।

প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ হৈ হেম সাগৰ শৰ্মা, দামোদৰ বৰাল, প্ৰেমলাল দাহালে বক্তব্য প্ৰদান কৰাৰ পিচতে অৱসৰী তথা কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীৰ হৈ গীতাঞ্জলী মহন্ত আৰু অঞ্জু দেৱীয়ে ভাষণ প্ৰদান কৰে। সভাত প্ৰতিষ্ঠা কালৰ সদস্য, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতিসকল, প্ৰাক্তন শিক্ষক-কৰ্মচাৰীক সম্বৰ্ধনা জনোৱা হয়।

বঁটা বিতৰণী অনুষ্ঠান পৰিচালনা কৰে শিক্ষয়িত্ৰী জয়শ্ৰী শইকীয়াই । শলাগৰ শৰাই আগবঢ়ায় প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক প্ৰেমলাল দাহালে।

প্ৰতিষ্ঠা দিৱস উদযাপন
প্ৰতিষ্ঠা দিৱস উদযাপন

Also Read: কলঙৰ বাকৰি নেহৰুবালিত বসন্ত উৎসৱত হাৰ্ট থ্ৰব জুবিন গাৰ্গ

jamugurihat south salmara nagsankar high school established day