চাৰিদুৱাৰত হস্ত নিৰ্মিত বন্দুক সহ তিনি জনক আটক...

গনৰাজ্য দিৱসৰ প্ৰাক মুহুৰ্তত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে ৷ শোনিতপুৰৰ চাৰিদুৱাৰত হস্তনিৰ্মিত বন্দুক সহ তিনিজন আটক হৈছে।

author-image
Asomiya Pratidin
New Update
চাৰিদুৱাৰত হস্ত নিৰ্মিত বন্দুক সহ তিনি জনক আটক...

ডিজিটেল সংবাদ, জামগুৰিহাটঃ গনৰাজ্য দিৱসৰ প্ৰাক মুহুৰ্তত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে ৷ শোনিতপুৰৰ চাৰিদুৱাৰত হস্তনিৰ্মিত বন্দুক সহ তিনিজন আটক হৈছে।

Advertisment

নিশা ভালুকপু্ঙ আৰু চাৰিদুৱাৰ আৰক্ষী ২ নং পুৱ মানশিৰিৰ তিনিজন লোকৰ ঘৰৰ পৰা তিনিটা হস্তনিৰ্মিত বন্দুক সহ ১২ টা সজিৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ আটক কৰা লোককেইজন ক্ৰমে- টেপৰা খাকলাৰি, উত্তম ৰাভা আৰু টিকিৰা মূছাহাৰী ।

লোক তিনিজনে গোপনে ঘৰত লুকুৱাই ৰাখিছিল বন্দুক কেইটা ৷চোৰাং চিকাৰৰ বাবে লোক তিনিজনে বন্দুক কেইটা ব্যৱহাৰ কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ।

আৰু পঢ়ক: গৰুখুঁটিৰ উচ্ছেদিত পৰিয়ালক সংস্থাপনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Assam police jamugurihat