ভোটদান কৰিবলৈ আহি লামডিঙত আবদ্ধ হাজাৰ হাজাৰ যাত্ৰী

ভালেকেইখন যাত্ৰীবাহী ৰে'ল বাতিল
ভোটদান কৰিবলৈ আহি লামডিঙত আবদ্ধ হাজাৰ হাজাৰ যাত্ৰী

ডিজিটেল সংবাদ,লামডিং : বৃহস্পতিবাৰে নিশা লামডিং পৰা বদৰপুৰ অভিমুখী এখন মালবাহী ৰে'লৰ ইঞ্জিন লাইনচ্যুত হয়। হাৰেংগাজাও আৰু জাতিঙ্গা লামপুৰ ষ্টেচনৰ মধ্যবৰ্ত্তি ১১০ কিলোমিটাৰ এলেকাত ৰেলখনৰ লাইনচ্যুত হয়।

জানিব পৰামতে বিগত ২ দিন ধৰি প্ৰবল বৰষুণৰ ফলত উল্লেখিত এলেকাৰ ১১০ কিলোমিটাৰ অংশত ৰেলপথছোৱা জৰাজীৰ্ণ হৈ যোৱাৰ ফলতে মালবাহী ৰেলৰ ইঞ্জিন লাইনচ্যুত হয়। ফলত উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই শুকুৰবাৰে বহু কেইখন যাত্ৰীবাহী ৰেল বাতিল কৰে।

এই ঘটনা পিছতেই লামডিং ষ্টেচনত শিলচৰ অভিমুখী বহু কেইখন ৰেলৰ যাত্ৰী আবদ্ধ হৈ পৰাৰ লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখযোগ্য যে আজি পাহাৰীয়া জিলাখনত দ্বিতীয় পয্যায়ৰ নিৰ্বাচন ।

এই নিৰ্বাচন উপলক্ষে বাংগালুৰ, কলকাতা আদি দূৰ-দূৰণিৰ পৰা শিলচৰ-বদৰপুৰ লৈ ভোটদান কৰিবলৈ হাজাৰ হাজাৰ ভোটাৰ আহিছিল। কিন্তু ভোটাৰ তথা যাত্ৰীসকল নিশাৰ পৰা এতিয়ালৈকে লামডিঙতে আবদ্ধ হৈ পৰে ।

ইফালে যাত্ৰীসকলক পুনৰ তেওঁলোকৰ গন্তব্য স্থানলৈ নিয়াৰ বাবে ৰেল বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে । যাত্ৰীসকলে প্ৰতিবাদ কৰে যদিও যাত্ৰীৰ ওপৰত লাঠী চালনা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

আনহাতে ৩০০ টকাৰ ঠাইত ১৪০০ টকাৰ টিকট কাটি ব্যক্তিগত বাছেৰে যাবলৈ সাজু হৈছে যাত্ৰীসকল। কিয়নো কেতিয়ালৈ এই ৰেলপথত ৰেল পৰিসেৱা সুচল হৈ উঠিব সেয়া লৈ উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই নিশ্চিত কৰিব পৰা নাই।

ভোটদান কৰিবলৈ আহি লামডিঙত আবদ্ধ হাজাৰ হাজাৰ যাত্ৰী
১মে’ত ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰিয়ংকা গান্ধী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in