
ডিজিটেল সংবাদ, ছয়দুৱাৰ : স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপ উন্মোচিত হৈছে গহপুৰৰ হেলেমত। বিশ্বনাথ জিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত এটা বৃহৎ চুৰি চক্ৰই ৰাজহুৱা নামঘৰ,মন্দিৰ আদিত ধাৰাবাহিকভাৱে সংঘটিত চুৰি কাৰ্য্যৰ ঘটনাই হেলেম আৰক্ষীৰ পুতৌ লগা অৱস্থা ৰাইজৰ আগত উন্মোচিত হৈছে।
এনে সময়তে বৃহস্পতিবাৰে নিশা পুনৰ চুৰিকাণ্ড সংঘটিত হয় এটি ৰাজহুৱা নামঘৰত।হেলেম আৰক্ষী থানাৰ অন্তৰ্গত চন্দামাৰী গাঁৱৰ চন্দামাৰী বৰ নামঘৰৰ গুৰু আসন থকা মূলদ্বাৰৰ তলা ভাঙি নিশা চোৰে লৈ যায় নগদ ধনকে ধৰি বহু সা-সামগ্ৰী।
শুকুৰবাৰে পুৱা প্ৰায় ৫-৩০ বজাত নামঘৰীয়াই নামঘৰত উপস্থিত হোৱাৰ পিছত তলা ভাঙি থোৱা দৃশ্য দেখাৰ লগে লগে স্থানীয় ৰাইজৰ লগতে ভকতবৃন্দক খবৰ দিয়ে।জানিব পৰামতে চোৰৰ দলটোৱে উক্ত নামঘৰৰ তলা ভাঙি ৰূপৰ ফুল ৬ পাহ,সোণৰ ফুল ১ পাহ,গামোচা ৩৫ খন আৰু নগদ ধন ৭,৩০০টকা লৈ যায়।
এই সন্দৰ্ভত চন্দামাৰী বৰ নামঘৰৰ সংগী বাবুল বৰাই আজি হেলেম আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ২৮ চেপ্তেম্বৰৰ নিশা হেলেম আৰক্ষী থানাৰ অন্তৰ্গত টকৌবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙাজান প্ৰাথমিক শাখাৰ ৰাজহুৱা নামঘৰৰ মণিকূটৰ তলা ভাঙি লক্ষাধিক টকাৰ বহু মূল্যবান সামগ্ৰী চুৰি কৰি নিছিল।
চুৰি চক্ৰটোৱে সোণৰ ফুল দুপাহ,গামোচা ১২ খন, পিতলৰ চাকি এগছি, কাঁহৰ বৰতাল দুযোৰ, কাঁহৰ বান বাতি দহ যোৰা,শৰাই দুখন, কাঁহৰ ঘটি দুটা, কাঁহৰ থালি দুখন,দান পাত্ৰত থকা অৰিহণা আৰু বাৰাণ্ডা নিৰ্মাণৰ বাবে নিয়োজিত মিস্ৰিয়ে ব্যৱহাৰ কৰা এটা ৱেলণ্ডিং মেছিনকে ধৰি বহু সা-সামগ্ৰী চুৰি কৰি নিছিল। সেইদিনা নিশা টকৌবাৰী চেণ্টাৰত থকা পূব বুৰৈ আঞ্চলিক সাৰ্বজনীন ৰাজহুৱা নামঘৰতো তাণ্ডৱ চলাইছিল চোৰৰ দলে।
একেদৰে হেলেম আৰক্ষী থানাৰ গাতে লাগি থকা মিছামাৰী চেণ্টাৰত যোৱা ১৯ আগষ্টৰ নিশা মুঠ ৫ খন দোকানত তলা ভাঙি উপদ্ৰৱ চলাইছিল এটা চুৰি চক্ৰই। আৰক্ষী থানাখনৰ নিচেই কাষতে চোৰে তাণ্ডৱ চলাবলৈ সাহস কৰা কাণ্ডই হেলেম আৰক্ষী থানাৰ অস্তিত্বক লৈ স্বাভাৱিকতে প্ৰশ্ন উথাপন হয় স্থানীয় ৰাইজৰ মাজত।
এফালে আৰক্ষী থানা আৰু আনফালে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত মিছামাৰী চেণ্টাৰত সংঘটিত হোৱা উক্ত ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই যোৱা ২৫ আগষ্টৰ নিশা উক্ত আৰক্ষী থানাৰ অন্তৰ্গত গোশালাৰ এখন ম'বাইলৰ দোকানত চুৰি কাৰ্য্য সংঘটিত হয়। দোকানখনৰ পৰা লৈ যায় কেইবাটাও মোবাইল ফোন।
অঞ্চলটোত এনেদৰে দোকান চুৰিৰ ঘটনা অব্যাহত থকাৰ সময়তে আৰম্ভ হয় গৰু চুৰিৰ ঘটনা। উক্ত আৰক্ষী থানাৰ অন্তৰ্গত টকৌবাৰীৰ ৰঙাজান,চন্দামাৰী পথাৰ, কাউৰীপথাৰ অঞ্চলৰ পৰা যোৱা ২৮ আগষ্টৰ নিশা চুৰি হয় ৫ টা গৰু।
ইয়াৰ পূৰ্বে বুৰৈঘাট এলেকাৰ পৰা চুৰি হৈছিল এটা গৰু। অঞ্চলটোত এনেদৰে দোকান চোৰ আৰু গৰু চোৰে গা কৰি উঠাৰ পিছতো এতিয়ালৈকে এজনো প্ৰকৃত চোৰক গ্ৰেপ্তাৰ কৰিব পৰা নাই হেলেম আৰক্ষীয়ে।
কেৱল ইমানেই নহয় যোৱা ২২ অক্টোবৰৰ মহা অষ্টমীৰ নিশা টকৌবাৰীত থকা দূৰ্গা মন্দিৰত চাফাই অভিযান চলাইছিল চোৰৰ দলে। চোৰে উক্ত নিশা মন্দিৰৰ তলা ভাঙি বহু আচবাব, বাচন বৰ্তন আৰু নগদ ধন চুৰি কৰাৰ উপৰিও কাষতে লাগি থকা শনি মন্দিৰৰ পৰাও নগদ ধন লৈ উধাও হয়।
হেলেম আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে এতিয়া চোৰৰ নিৰাপদ ঘাটিলৈ পৰিণত হৈছে হেলেম অঞ্চল। দিনক দিনে বৃদ্ধি পোৱা এই চুৰি চক্ৰ চিনাক্ত কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ বাবে এতিয়া উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে।
আৰক্ষীয়ে মাজে সময়ে দুই এক সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰি নিজৰ অস্তিত্ব জাহিৰ কৰাৰ প্ৰয়াস কৰি আহিছে যদিও প্ৰকৃত চোৰক গ্ৰেপ্তাৰ কৰাত হেলেম আৰক্ষী চূড়ান্তভাবে ব্যৰ্থ হোৱাত চোৰৰ উপদ্ৰৱ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে।