/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3960c904-3b3d-4332-8f12-e41447f7a131/78.jpg)
ডিজিটেল সংবাদ,নগাঁও : ঐতিহ্যমণ্ডিত স্বাধীনতা দিৱস কাপ ফুটবলৰ শুকুৰবাৰে ফাইনেল খেলখন অনুষ্ঠিত হয় ৷ অ’ইল ইণ্ডিয়া ফুটবল ক্লাব, দুলীয়াজানে গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ(এ এছ ই বি) স্প’ৰ্টছ ক্লাবক ২-০ গ’লত হৰুৱাই মহাৰজত জয়ন্তী সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত পুনৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ৷
শুক্ৰবাৰে নিশা অনুষ্ঠিত ৭৫সংখ্যক প্ৰতিযোগিতাখনৰ ফাইনেলত অ’ইল ইণ্ডিয়ায়া এফ চিৰ হৈ খেলৰ ১৫ আৰু ৪৫ মিনিটত আক্ৰাং নাৰ্জাৰীয়ে গ’ল দুটা দিয়ে ৷ আক্ৰাঙে প্ৰথমটো গ’ল সতীৰ্থ মিলন বসুমতাৰীয়ে বিপক্ষৰ বক্সত ৰাইট ফ্লেংকৰ পৰা উলিয়াই দিয়া বলৰ সহায়ত দিয়াৰ বিপৰীতে দ্বিতীয়টো গ’ল চিৰণদীপ মৰাণ আৰু জাংমিনলুং কুকিৰ যুটীয়া পদক্ষেপত মিড ফিল্ডৰ পৰা গ’লমুখৰ সন্মুখত পোৱা বলৰ সহায়ত দিবলৈ সমৰ্থ হয় ৷
নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি দ্বিতীয়াৰ্ধত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ খেলুৱৈসকলে চুটি চুটি পাছৰে কেইবাটাও আক্ৰমণ ৰচনাৰে বিপক্ষৰ ৰক্ষণ বিভাগত হেঁচা প্ৰয়োগ কৰিছিল। কিন্তু ফৰৱাৰ্ড লাইনৰ খেলুৱৈসকল গ’ল দিয়াত ব্যৰ্থ হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/d6f7adb9-d1b3-450a-9435-1fc276f3bb6c/ac375a93_5e78_47aa_b01c_6f7e9ab8822d.jpg)
তীব্ৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰে ভৰপূৰ খেলখনত অ’ইল ইণ্ডিয়াৰ গ’লৰক্ষক অবিনাশ মেচে দৃষ্টিনন্দন প্ৰদৰ্শনৰে নগঞা ক্ৰীড়াপ্ৰেমীক মুগ্ধ কৰে ৷ এই প্ৰতিযোগিতাৰ অন্তত সামৰণি অনুষ্ঠানত নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি তথা স্থানীয় বিধায়ক ৰূপক শৰ্মা, ৰাজ্যৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমুং আৰু নগাঁও ক্ৰীড়া সংস্থাৰ বিষয়ববীয়াসকলে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে ৷
১০ হেজাৰৰো অধিক দৰ্শকে উপভোগ কৰা ফাইনেল খেলখনৰ আৰম্ভণিতে ৰাজ্যৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰীকা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক জিতু গোস্বামী, মানৱ ডেকা, শশীকান্ত দাস, সমাজকৰ্মী হাবিব মহম্মদ চৌধুৰী, দিলীপ বৰা, মৃনাল বেজবৰুৱাৰ লগতে অসম ফুটবল সন্থাৰ উপ সভাপতি জিতু বৰদলৈ আদিক চিনাকি কৰি দিয়া হয় ৷ আয়োজক সন্থাটোৰ সভাপতি ৰূপক শৰ্মাই আদৰণি ভাষণ দিয়া ফাইনেল খেলখন উদ্বোধন কৰে ৰাজ্যৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অ’ইল ইণ্ডিয়াৰ আক্ৰাং নাৰ্জাৰীয়ে লাভ কৰাৰ বিপৰীতে সৰ্বাধিক গ’লদাতা ৰাজ্যিক বিদ্যুৎ পৰিষদৰ জাংব্লা ব্ৰহ্মই লাভ কৰে ৷