/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/7baa1a78-9b4e-43e9-97ec-0c35fff999df/gohali.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ভ্ৰাম্যমান ছাগলী চোৰৰ সন্ত্ৰাসত আতংকিত হৈ উঠিছে এতিয়া জামুগুৰিহাটৰ কৃষক ৰাইজ ৷ আন্ধাৰৰ সুযোগ লৈ দুপৰ নিশা চোৰে কৃষক ৰাইজৰ গোহাঁলীৰ পৰা চুৰি কৰি নিলে ছাগলী ৷
শুকুৰবাৰে নিশা জামুগুৰিহাটৰ বৰমতা গাওঁত ছুইফ ডিজাআৰ গাড়ী লৈ চুৰি কৰি নিয়ে ৮ টাকৈ ছাগলী ৷ নিশা গৃহস্থই বাহিৰলৈ ওলাই আহি চোৰ প্ৰত্যক্ষ কৰে যদিও গাড়ীত উঠি তীব্ৰ গতিত পলায়ন কৰে চোৰে ৷
একে নিশাই জামুগুৰিহাটৰ বালিজুৰিৰ পৰাও চোৰে চুৰি কৰি নিয়ে ৬ টাকৈ ছাগলী ৷ কৃষক ৰাইজে আৰক্ষী প্ৰশাসনক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে নিয়মিত বিদ্যুতৰ ব্যৱস্থা কৰাৰো দাৱী তুলিছে ৷ স্থানীয় ৰাইজৰ মন্তৱ্য বিদ্যুৎ নথকাৰ সুযোগ গ্ৰহণ কৰিয়েই চোৰে নিশাৰ ভাগত বিভিন্ন গাওঁৰ পৰা এইদৰে গাড়ী লৈ চুৰি কৰি আহিছে ছাগলী ৷
Also Read: তৈল কোম্পেনী অইলমেক্সৰ উদ্ধতালি: জাতীয় সংগঠনৰ গোচৰ পঞ্জীয়ন নকৰিলে আৰক্ষীয়ে