তৈল কোম্পেনী অইলমেক্সৰ উদ্ধতালি: জাতীয় সংগঠনৰ গোচৰ পঞ্জীয়ন নকৰিলে আৰক্ষীয়ে

তৈল কোম্পেনী অইলমেক্সৰ উৰ্দ্ধতালি: জাতীয় সংগঠনৰ গোচৰ পঞ্জীয়ন নকৰিলে আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
তৈল কোম্পেনী অইলমেক্সৰ উদ্ধতালি: জাতীয় সংগঠনৰ গোচৰ পঞ্জীয়ন নকৰিলে আৰক্ষীয়ে

ডিজিটেল সংবাদ মৰিয়নিঃআমগুৰি তৈলক্ষেত্ৰৰ অন্তৰ্গত মৰিয়নি সমষ্টিৰ চেলেংহাটস্থিত তেঙাবাৰীত থকা অইলমেক্স এণ্ড এনাৰ্জী নামৰ তৈল প্রতিষ্ঠানটোয়ে নিজ খেয়াল খুচি মতে উদ্ধতালি প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Advertisment

ৰাইজৰ অভিযোগ মতে উক্ত তৈলক্ষেত্ৰৰ ৫ নং তৈলখাদৰ পৰা কৰ্তৃপক্ষৰ ভুলৰ বাবে অহৰহভাৱে নির্গমন হোৱা তেলে দাঁতিকাষৰীয়া এক বৃহৎ অঞ্চলৰ খেতি পথাৰ বিস্তৰভাৱে ক্ষতিসাধন কৰাৰ লগতে জীৱকূলৰ ক্ষতিসাধন কৰাৰ উপৰিও খেতিপথাৰসমূহত বিয়পি থকা তেলৰ পৰা নিৰ্গত হোৱা গেছে অঞ্চলটোৰ বায়ু প্রদূষিত কৰাৰ ফলত সেই অঞ্চলৰ মানুহখিনিৰ শ্বাস-প্রশ্বাসত অসুবিধাৰ সৃষ্টি কৰিছে।

উক্ত তেল খেতিপথাৰত বিস্তৰিত হৈ অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি কৰাৰ লগতে কৃষক সকলৰ খেতিপথাৰ সমূহ চিৰদিনৰ বাবে খেতি কৰাৰ অনুপযোগী কৰি তুলিলে। এই সম্পৰ্কে উক্ত কোম্পানীটোৰ বিৰুদ্ধে ২৭ আগষ্টত টাই আহোম ছাত্ৰ সন্থাৰ চেলেংহাট আঞ্চলিক সমিতি আৰু চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থাই পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছিল যদিও বৰ্তমানে উক্ত এজাহাৰ পঞ্জীয়ন নকৰাৰ অভিযোগ সংগঠনটোৱে উত্থাপন কৰিছে ।

যি সময়ত মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে আৰক্ষীক দুৰ্নীতিমুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে দুটাকৈ জাতীয় সংগঠনৰ এজাহাৰভিত্তিত কোনো গোচৰে ৰুজু নকৰি বহুজাতিক কোম্পানীৰ পক্ষ লোৱা চেলেংহাট চকীৰ আৰক্ষীৰ ভূমিকাই হতাশ কৰিছে সৰ্বসাধাৰন ৰাইজ তথা দল সংগঠনক।

Also Read: মণিপুৰৰ পিছত এইবাৰ ৰাজস্থানত নাৰীক কৰোৱা হ’ল নগ্ন পেৰেড

অসম আৰক্ষী অইলমেক্স