/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/0242157f-edd4-4de3-8a11-3cfb8bb47a0e/206.jpg)
ডিজিটেল ডেস্ক : হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত চলি অহা এক ব্যৱস্থা বিলুপ্তিকৰণৰ বাবে অনুশীলন চলাই আছে ৰাজ্যৰ শিক্ষা বিভাগে। বছৰ বছৰ ধৰি চলি অহা স্থান অথবা ষ্টেণ্ড প্ৰথাৰ অৱসান ঘটোৱাৰ দিশে আগবাঢ়িছে শিক্ষা বিভাগ।
বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে ষ্টেণ্ড কৰা প্ৰথা বিলুপ্তি কৰিব লাগে বুলি মন্তব্য কৰে। চলিত বাজেট অধিৱেশনৰ চতুৰ্থ দিনা শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ষ্টেণ্ড কৰাৰ ব্যৱস্থাটো অপ্ৰয়োজনীয়। ইয়াৰ পৰা একো লাভ নহয়। ইয়াৰ যোগেদি কোনোও চাকৰি নাপায়।
আগন্তুক দুয়োটা পৰীক্ষাত স্থানপ্ৰাপ্তৰ কোনো ব্যৱস্থা নাথাকে বুলি ঘোষণা কৰাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Also Read: সাংস্কৃতিক কৰ্মী ফিৰোজ কোঁৱৰৰ মৃত্যু