সাংস্কৃতিক কৰ্মী ফিৰোজ কোঁৱৰৰ মৃত্যু

সাংস্কৃতিক কৰ্মী ফিৰোজ কোঁৱৰৰ মৃত্যু

ডিজিটেল সংবাদ,চৰাইদেউঃ বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ সোণাৰিৰ নাফুকত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে। নাফুক অঞ্চলৰ ধোদৰআলিত সংঘটিত এই পথ দুৰ্ঘটনাত বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা বৰবিহুৱা ফিৰোজ কোঁৱৰ গুৰুতৰভাৱে আহত হয় ৷

পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কোঁৱৰৰ ৰজাপুখুৰীস্থিত চিকিৎসালয়ত মৃত্যু ঘটে ৷ জানিব পৰামতে বিহুৱা ফিৰোজ কোঁৱৰক এখন তীব্ৰবেগী বলেৰ' পিক-আপৰ খুন্দা গুৰুতৰভাৱে আহত হৈছিল ৷ দুৰ্ঘটনাটো সংঘটিত কৰি তীব্ৰবেগী বলেৰ' পিক-আপখন ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছে।

জনপ্ৰিয় বিহুৱা চৰাইদেউ হুচৰি দলৰ জন্মদাতা ফীৰোজ কোঁৱৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ চৰাইদেউ জিলাবাসী ৷ ইফালে সাংস্কৃতিক কৰ্মী,বৰবিহুৱা ফিৰোজ কোঁৱৰ মৃত্যুত জিলাৰ বিভিন্ন দল-সংগঠন লগতে চৰাইদেউ প্ৰেছ ক্লাব আৰু সোণাৰি প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰি কোঁৱৰৰ বিয়োগে অসমৰ সাংস্কৃতিক জগতৰ এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰিছে ৷

সাংস্কৃতিক কৰ্মী ফিৰোজ কোঁৱৰৰ মৃত্যু
চামগুৰিত গঁড়ৰ খৰ্গ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in