গাঁও পঞ্চায়তত নাথাকিব ৰাজনৈতিক দলৰ প্ৰভাৱ : মন্ত্ৰী ৰঞ্জিত দাস

এতিয়াৰে পৰা পোনপটীয়াভাৱে নহ'ব পঞ্চায়তৰ সভাপতি নিৰ্বাচন

author-image
Asomiya Pratidin
New Update
গাঁও পঞ্চায়তত নাথাকিব ৰাজনৈতিক দলৰ প্ৰভাৱ : মন্ত্ৰী ৰঞ্জিত দাস

ডিজিটেল ডেস্ক : বিধানসভাৰ শৰৎকালীন অধিবেশনৰ মাজতে পঞ্চায়ত আইন সংশোধন সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিক্ৰিয়া প্ৰকাশ। পঞ্চায়ত আইন সংশোধন সম্পৰ্কে মন্ত্ৰী ৰঞ্জিত দাসে কয় যে, গাঁও পঞ্চায়তত নাথাকিব ৰাজনৈতিক দলৰ প্ৰভাৱ।

Advertisment

এতিয়াৰে পৰা পোনপটীয়াভাৱে নহ'ব পঞ্চায়তৰ সভাপতি নিৰ্বাচন। বিজয়ী ৱাৰ্ড সদস্যৰ পৰা নিৰ্বাচিত হ'ব সভাপতি আৰু উপ-সভাপতি। সংশোধনী অনুসৰি আঢ়ৈ বছৰলৈ আহিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ।

'পূৰ্বতে ৰাইজে পোনপোটীকৈ নিৰ্বাচিত কৰা সদস্য অথবা সভাপতিৰ বিৰুদ্ধে ৬ মাহৰ পিচতে আন একাংশই অনাস্থা প্ৰস্তাব আনে। এয়া গণতন্ত্ৰৰ বাবে পৰিপন্থী আৰু শুভ লক্ষণ নহয়' বুলি মন্ত্ৰী দাসে স্পষ্টকৈ উল্লেখ কৰে।

বিধানসভাৰ শৰৎকালীন অধিবেশনত এই বিল উত্থাপন কৰিব মন্ত্ৰীগৰাকীয়ে। যদিহে সংখ্যা গৰিষ্ঠ বিধায়কৰ সমৰ্থন লাভ কৰে তেতিয়া হ'লে এই বিল আইনত পৰিণত হ'ব।

Also Read: কাৰ অনুমতি এয়া ? এনেদৰে পাহাৰ কাটি গছপুলি ৰুব নেকি চৰকাৰে ?

Panchayat & Rural Development Panchayat Election Panchayat RANJIT DAS