কাৰ অনুমতি এয়া ? এনেদৰে পাহাৰ কাটি গছপুলি ৰুব নেকি চৰকাৰে ?

কাৰ অনুমতি এয়া ? এনেদৰে পাহাৰ কাটি গছপুলি ৰুব নেকি চৰকাৰে ?

ডিজিটেল সংবাদ,কাজিৰঙা : এফালে বিশ্ব অভিলেখ গঢ়াৰ বাবে অমৃত বৃক্ষ আন্দোলন। আনফালে চৰকাৰৰ পৃষ্ঠপোষকতাত অবাধ গতিত পাহাৰ ধ্বংস ৷ কাৰ্বি আংলঙৰ সেউজ পাহাৰত চলিছে বন ধ্বংসৰ অঘোষিত প্ৰতিযোগিতা ৷

অভিযোগ অনুসৰি খোদ চৰকাৰী বিভাগৰ পৃষ্ঠপোষকতাত ধ্বংস কৰা হৈছে কাজিৰঙাৰ আশীৰ্বাদস্বৰূপ কাৰ্বি পাহাৰ । এফালে ৰাজ্য চৰকাৰৰ উদ্যোগত গছ পুলি ৰূপয়নৰ কাৰ্যসূচী। আনফালে চৰকাৰৰ পৃষ্ঠপোষকতাত অবাধ গতিত বন ধ্বংসৰ প্ৰতিযোগিতা ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত পাহাৰ ধ্বংস কৰি চলা নিৰ্মান কাৰ্যই কাজিৰঙাৰ বন্যপ্ৰাণীৰ প্ৰতিয়ো যে ভাবুকিৰ সৃষ্টি কৰিব তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই সংশ্লিষ্ট বিভাগৰ ৷ বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ ত্ৰাণকৰ্তা স্বৰূপ কাৰ্বি পাহাৰৰ অবাধ খননে বন্যজন্তুৰ প্ৰতি সৃষ্টি কৰা ভাবুকিক আওকাণ কৰিঅব্যাহত থকা পাহাৰ ধ্বংসৰ বিৰুদ্ধে কাজিৰঙাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

মনোৰম কাৰ্বিপাহাৰত কেন্দ্ৰীয় চৰকাৰৰ একলব্য ৰেচিডেঞ্চিয়েল স্কুল প্ৰজেক্ট নিৰ্মানৰ বাবে পাহাৰৰ এটা বৃহৎ অংশ খহাই নিৰ্মান কাৰ্যৰ প্ৰস্তুতি চলোৱাৰ অভিযোগ উত্থাপন সচেতন লোকৰ ৷ ২০১৯ চনতে সৰ্বোচ্চ ন্যায়ালয়ে কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বি পাহাৰত খনন কাৰ্যত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো চৰকাৰী পক্ষৰ জ্ঞাতসাৰে চলি আছে পাহাৰ ধ্বংস ৷

সচেতন লোকৰ দাবী যে, এই ক্ষেত্ৰত ৰাইজৰ দাবী কাজিৰঙাৰ বন্যজন্তুৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহন কৰক ৷ উন্নয়নৰ নামত বন ধ্বংস কৰা নচলিব বুলিও স্পষ্ট মত প্ৰকাশ কৰে।

নিষেধাজ্ঞাৰ পাছতো খোদ চৰকাৰেই কাৰ্বি পাহাৰ ধ্বংসত নামি পৰাটো দুখজনক আখ্যা প্ৰকৃতিপ্ৰেমীৰ ৷ প্ৰকৃতি ধ্বংস কৰি উন্নয়ন হবই নোৱাৰে বুলি কোৱাৰ লগতে অতি সোনকালে এই নিৰ্মাণকাৰ্য্য বন্ধৰ দাবী জনায় ৷

কাৰ অনুমতি এয়া ? এনেদৰে পাহাৰ কাটি গছপুলি ৰুব নেকি চৰকাৰে ?
ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in