কংগ্ৰেছকৈ ভ্ৰষ্টাচাৰী আৰু কোনো নাইঃ মন্ত্ৰী পীযুষ হাজৰীকা

ভ্ৰষ্টাচাৰিতাৰ কাৰণে প্ৰত্যকটো নিৰ্বাচনত কংগ্ৰেছ হাৰি হাৰি ধ্বংস হৈছেঃ মন্ত্ৰী পীযুষ হাজৰীকা
কংগ্ৰেছকৈ ভ্ৰষ্টাচাৰী আৰু কোনো নাইঃ মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল ডেস্কঃ কংগ্ৰেছকৈ ভ্ৰষ্টাচাৰী আৰু কোনো নাই। সেইকাৰণে একেৰাহে ২০১৪ চনৰ পৰা প্ৰত্যকটো নিৰ্বাচনত খুব বেয়াকৈ হাৰিছে।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কংগ্ৰেছে ১৫ বছৰৰ পৰা অপশাসনৰ কাৰণে এটা ইলেকচনতো জিকিব নোৱাৰিলে। সৌ সিদিনাখন ডিমা হাছাওৰ নিৰ্বাচন হ’ল। আগৰবাৰ ডিমা হাছাওৰ নিৰ্বাচনত দুটা চীটত জিকিছিল, কিন্তু এইবাৰ ক’তো প্ৰতিদ্বন্দ্বিতাতে আহিব পৰা নাই। গতিকে প্ৰত্যকটো নিৰ্বাচনত কংগ্ৰেছ হাৰি হাৰি ধ্বংস হৈছে তেওঁলোকৰ ভ্ৰষ্টাচাৰিতাৰ কাৰণে। তেওঁলোকৰ কুশাসনৰ কাৰণে। গতিকে তেওঁলোকক আৰু মানুহে বিশ্বাস নকৰে। মানুহে তেওঁলোকক এনেও ভোট নিদিয়ে বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।

তেওঁ আৰু কয় যে শেহতীয়াকৈ ডিমা হাছাওৰ নিৰ্বাচনলৈ চাওক। আমি আগৰ বছৰ ১৯ টা চীটত জিকিছিলো, এইবাৰ ২৫ টাত জিকিছো। আমাৰ গ্ৰাফডাল আগুৱাই আগুৱাই গৈ আছে, কংগ্ৰেছৰ পিছুৱাই পিছুৱাই গৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে সেইকাৰণে কংগ্ৰেছক মানুহে নিবিচাৰে, কংগ্ৰেছক মানুহে বেয়া পায়। কংগ্ৰেছ আৰু নাইকিয়া হ’ব বুলি তেওঁ মন্তব্য কৰে।

বিজেপিত যোগদান কৰা কংগ্ৰেছ ত্যাগী নেত্ৰী বিস্মিতা গগৈ আৰু অংকিতা দত্তই কংগ্ৰেছ দলত মহিলাৰ সুৰক্ষা নাই বুলি কৰা অভিযোগ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে তেওঁলোকৰ এই অভিযোগ অত্যন্ত গুৰুত্বপূৰ্ণ। ভূপেন বৰাই ইয়াৰ উত্তৰ দিব লাগে। মই জানো ভূপেন বৰাই চালে-বেৰে কোবোৱা উত্তৰ দিব। কিন্তু ভূপেন বৰাই চালে-বেৰে কোবোৱা উত্তৰ নিদিব বুলি তেওঁ ভূপেন বৰাক আহ্বান জনায়।

নুৰুল হুদাই গালি পৰা সম্পৰ্কতো মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে কথাৰ কটা-কটি তেওঁলোকৰ সৰু কথা, মাৰপিট সাধাৰণ কথা। গতিকে তেওঁলোকৰ কাৰণে এইবিলাক নতুন নহয় বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে। তেওঁ আৰু কয় যে নিৰ্বাচনৰ বাবে কংগ্ৰেছ অলপ আগুৱাই আছে যদিও আমি শক্তিশালী যুদ্ধ প্ৰদৰ্শন কৰিম। দৃঢ়তাৰে যুদ্ধ প্ৰদৰ্শন কৰিম। যুদ্ধ মানে কাজিয়া পেচালৰ কথা কোৱা নাই নিৰ্বাচনী যুদ্ধৰ কথাহে কোৱা বুলি তেওঁ ৰসিকতাপূৰ্ণ মন্তব্য কৰে।

কংগ্ৰেছৰ পৰা প্ৰত্যক দিনাই মানুহ বিলাক ওলাই আহিছে বুলি উল্লেখ কৰি ৫ তাৰিখে কংগ্ৰেছৰ পৰা আৰু ডাঙৰ ডাঙৰ নেতা ওলাই আহিব বুলি মন্তব্য কৰে। তেওঁ আৰু কয় যে প্ৰত্যক দিনাই কোনোবা নহয় কোনোবা ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিবলৈ আমাৰ লগত যোগাযোগ কৰে। এই গতিধাৰা চলি থাকিব বুলি মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰি কয় যে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ কাম কৰিছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ কাৰণে কাম কৰিছে আৰু ৰাইজে আমাক মৰম কৰাৰ কাৰণে এই বিৰোধী দলৰ নেতাবিলাকেও আমাক মৰম কৰিবলৈ বাধ্য হৈছে আৰু বিজেপিত যোগদান কৰিবলৈ বাধ্য হৈছে, এই গতিধাৰা চলি থাকিব। মন্ত্ৰী পীযুষ হাজৰীকাই ১২ টা সমষ্টিত তেওঁক জয়ী হ’ব বুলি পুনৰ নিশ্চয়তা প্ৰদান কৰে।

কংগ্ৰেছকৈ ভ্ৰষ্টাচাৰী আৰু কোনো নাইঃ মন্ত্ৰী পীযুষ হাজৰীকা
তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in