তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ

১৯৫৩ চনতে স্থাপিত সত্তৰ বছৰীয়া গৌৰৱজ্বল ইতিহাসেৰে সমৃদ্ধ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ সোমবাৰে দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচীত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷

author-image
Asomiya Pratidin
New Update
তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ

ডিজিটেল সংবাদ, তামুলপুৰঃ ১৯৫৩ চনতে স্থাপিত সত্তৰ বছৰীয়া গৌৰৱজ্বল ইতিহাসেৰে সমৃদ্ধ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ সোমবাৰে দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচীত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বিটিআৰৰ প্ৰধান সচিব আকাশদ্বীপে ৷ এই সাংস্কৃতিক শোভাযাত্ৰাটোৱে ৰঙিয়া ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথেেৰে সমগ্ৰ তামুলপুৰ চহৰ খন পৰিভ্ৰমন কৰে।

Advertisment

সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক নৃত্যৰ দল সমূহে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত বৃহত্তৰ তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ জাতি জনগোষ্ঠীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰি তোলে তামুলপুৰৰ আকাশ বতাহ। উল্লেখ্য যে সোমবাৰে সমাৰোহৰ আবেলি মুকলি সভা অনুষ্ঠিত হোৱাৰ লগতে নিশা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব প্ৰাক্তন ছাত্ৰ তথা যুৱ প্ৰজন্ম হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।

Also Read: কঠীয়াতলীত উদ্ধাৰ অজগৰ

tamulpur student alumni meet zubeen garg