/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/11844e6f-3a80-42df-92ad-6836e1db607d/mancachar_17.jpg)
মানকাচৰৰ কালী মন্দিৰত চুৰিঃ ৪ টা ৰূপৰ মুকুটসহ লুটিলে দানপাত্ৰৰ ধন...
ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ অসম-মেঘালয় সীমান্তৱৰ্তী বৰকোনা শ্ৰী শ্ৰী কালী মন্দিৰৰ চৌহদত থকা দূৰ্গা মন্দিৰত নিশা চোৰে ছাফাই অভিযান চলাই চাৰিটা ৰূপৰ মুকুটসহ দানপাত্ৰৰ পৰা নগদ ধন লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে আন আন নিশাৰ দৰে কালিও কালী মন্দিৰৰ দৰ্জাত তলা লগাই পুজাৰী দেবব্ৰত ব্ৰহ্মচাৰী নিজৰ আৱাসগৃহত টোপনী যোৱাৰ পাচত নিশা প্ৰায় ১ বজাত মন্দিৰখনত চোৰ প্ৰবেশ কৰে।
চোৰ সম্মুখৰ দৰ্জাৰ তলা ভাঙিবলৈ চেষ্টা কৰাত অপাৰগ হোৱাৰ পাচত পিছফালৰ দৰ্জা ভাঙি মন্দিৰৰ ভিতৰত প্ৰবেশ কৰে। মন্দিৰৰ ভিতৰত থকা লক্ষ্মী দেবী, স্বৰস্বতী দেবী, কাৰ্তিক আৰু গণেশৰ ৰূপৰ মুকুত চুৰি কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ee715690-7394-48b8-9c30-8416e8cbe45b/dc0c5e8c_4aa5_4138_a2b4_9f9512a9e387.jpg)
একেদৰে মন্দিৰ চৌহদত থকা দানপাত্ৰখন ভাঙি দানপাত্ৰৰ পৰা নগদ ধন লুটি নিয়ে। আনহাতে মন্দিৰ চৌহদত থকা গুৰু সমাধিস্থ মন্দিৰতো তলা ভাঙি প্ৰবেশ কৰি মন্দিৰৰ বয়-বস্তু লণ্ড-ভণ্ড কৰে।
পুৱা প্ৰায় ৪ বজাত পুজাৰী দেবব্ৰত ব্ৰহ্মচাৰী মন্দিৰৰ দোৱাৰ খুলিবলৈ উপস্থিত হোৱাত চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহে। লগে লগে বিষয়টো আৰক্ষীক অৱগত কৰাত পুৱা প্ৰায় ৮ বজাত জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ, মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপক বৰগোৱাৰীসহ কালাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ আৰক্ষীৰ দল এটা মন্দিৰটোত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ef34a723-b6d9-473f-8735-a61bd3a31132/547f85fd_648a_4a3f_9513_67030e311031.jpg)
ৰূপৰ মুকুত কেইটাৰ পৰিমাণ প্ৰায় ৫৬ ভৰি হব বুলি মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। আৰক্ষীয়ে চোৰৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰিছে। লক্ষণীয় যে, জিলাখনৰ হাটশিঙিমাৰী, মানকাচৰ এলেকাত চোৰৰ উপদ্ৰব ভয়াবহ ভাবে বৃদ্ধি পাইছে।
যোৱা কিছুদিন পূৰ্বে জিলাৰ সদৰ হাটশিঙিমাৰীৰ নিলগত থকা ফেকামাৰী বজাৰত মেহেক জুৱেলাৰীৰ পৰা চোৰে প্ৰায় ১৫ লক্ষাধিক টকাৰ সোণ আৰু হীৰাৰ অলংকাৰ চুৰি কৰিছিল। একেদৰে মানকাচৰ থানা এলেকাৰ ঝাউডাঙাৰ পৰাও চোৰে জুৱেলাৰী দোকানত চুৰি কৰিছিল বুলি জানিব পৰা গৈছে।
তদুপৰি বজাৰৰ পৰা একাংশ লোকৰ মটৰ চাইকেল চুৰি কৰাৰ কেবাটাও ঘটনা জিলাখনত পোহৰলৈ আহিছে। আনহাতে খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনত থকা একাংশ লোকৰ ঘৰৰ পৰা চোৰে নগদ ধন, সোণ-ৰূপৰ অলংকাৰ, শুকান চুপাৰী আদিও চুৰি কৰা ঘটনা সঘনে সংঘটিত হৈ আহিছে।
চোৰ নিয়ন্ত্ৰণ কৰাত খাৰুৱাবান্ধা আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ লগতে এনে ঘটনাৰ লগত জড়িত কোনো চোৰ খাৰুৱাবান্ধা আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত জিলাখনৰ মানকাচৰ আৰক্ষী মন্দিৰ চুৰি ঘটনাৰ লগত জৰিত চোৰক কৰায়ত্ব কৰিব পাৰিবনে তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে।
Also Read: পৰকীয়া প্ৰেমেই হ'ল কালঃ ৮ মহীয়া গৰ্ভৱতী বোৱাৰীৰ আত্মহত্যা, কনিষ্টবল স্বামীক গ্ৰেপ্তাৰ...