জামুগুৰিহাটত লোহা চুৰিৰ অভিযোগত তিনি যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

জামুগুৰিহাটত লোহা চুৰিৰ অভিযোগত তিনি যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত লোহা চুৰিৰ অভিযোগত তিনি যুৱকক  গ্ৰেপ্তাৰ আৰক্ষীৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বিভিন্ন স্থানত সঘনাই চুৰি কাৰ্য সংঘটিত হৈ থকাৰ সময়তে এইবাৰ লোহা চুৰিৰ অভিযোগত আৰক্ষীৰ জালত পৰিল তিনিজনকৈ যুৱক। পথ আৰু দলং নিৰ্মাণকাৰী সংস্থা আৰ এচ এম (RSM) ৰ লোহা চুৰিৰ অভিযোগত জামুগুৰি আৰক্ষীয়ে মঙলবাৰে নিশা আটক কৰে আটাইকেইজনক।

Advertisment

যুৱক তিনিজন আব্দুল কালাম,চাইফুল ইছলাম আৰু চুলতান আলি বুলি চিনাক্ত হৈছে।জামুগুৰিহাটৰ পশ্চিমাঞ্চলত থকা পথ আৰু দলং নিৰ্মাণৰকাৰী সংস্থা RSM ৰ কাৰ্যালয়ৰ পৰা এই যুৱক তিনিজনে লোহা চুৰি কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জামুগুৰি আৰক্ষীয়ে ইতিমধ্যে যুৱক তিনিজনক গ্ৰেপ্তাৰ কৰি পঞ্জীয়নভূক্ত এক গোচৰৰ ভিত্তিত জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৷ উক্ত তিনিওজন যুৱকৰ ঘৰ জামুগুৰিহাটৰ গটাইমাৰীত বুলি জানিব পৰা গৈছে।

Also Read: নুনমাটিৰ শালবাৰীত বৰ্ণিল কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলনৰ আয়োজন

Assam police