/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ba69c6ee-4bcb-4caf-9587-43475a6ca9e3/125.jpg)
ডিজিটেল ডেস্ক : কিছুদিন পূৰ্বে অহা ভদীয়া বানে ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কেতবোৰ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছিল। ননৈ নৈৰ বাঢ়নী পানীয়ে ছিগি নিছিল দুৱৰীপাৰাত থকা মথাউৰীটোৰ কিছু অংশ।
ফলত এই বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ২৫খন গাঁও প্লাৱিত হৈ সৰ্বহাৰা কৰিছিল জনসাধৰণক। এই ঘটনাৰ এদিন পিছতে স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশীক লগত লৈ প্ৰতিনিধিসহ উপস্থিত হৈছিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2d8e370c-739f-4b65-a746-633041fc7c50/d7e80832_e382_4ca9_b578_88c7e23bb005.jpg)
মন্ত্ৰী হাজৰিকাই উক্ত স্থানসমূহ পৰিদৰ্শন কৰাৰ লগতে বন্যাৰ্তৰ সতে মত-বিনিময় কৰিছিল। মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত তেওঁৰ সৈতে যোৱা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাকে ধৰি বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰতিনিধিসকলক দিছিল মথাউৰি পুনঃ নিৰ্মাণৰ নিৰ্দেশ।
এক প্ৰকাৰ কথা মতেই হৈছিল কাম। ঘটনাৰ ২০ দিন পিছতেই নতুন প্ৰযুক্তিৰ দ্বাৰা সেই কাম সম্পূৰ্ণ কৰি তুলিলে। এই সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে কাকো সমালোচনা নকৰাকৈ অতি বিনম্ৰতাৰে উল্লেখ কৰে যে,এনে কাম কৰিবলৈ পূৰ্বে প্ৰায়৬ মাহ সময় লাগিছিল। কিন্তু জলসম্পদ বিভাগে মাত্ৰ ২০ দিনৰ ভিতৰত এই সমষ্ট কাম সম্পূৰ্ণ কৰি তোলে বুলি তেওঁ উল্লেখ কৰে।
Also Read: গোলাঘাটত 'অমৃত কলহ যাত্ৰা' সন্দৰ্ভত প্ৰস্তুতি সভা