গোলাঘাটত 'অমৃত কলহ যাত্ৰা' সন্দৰ্ভত প্ৰস্তুতি সভা

গোলাঘাটত 'অমৃত কলহ যাত্ৰা' সন্দৰ্ভত প্ৰস্তুতি সভা

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাটৰ বীৰাঙ্গণা সাধনী কলাক্ষেত্ৰত অমৃত কলহ যাত্ৰা- মোৰ মাটি মোৰ দেশ, খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম শীৰ্ষক তিনিওটা কাৰ্যসূচীৰে এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হয়। মঙলবাৰে অনুষ্ঠিত হোৱা এই সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

কৃষি,পশুপালন ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰা,সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন,সাংস্কতিক কৰ্মী নুৰুল চুলতান,দুলুমণি বৰবৰা,দেৱপ্ৰদীপ বৰা,আকাশ ফুকন,সঞ্জীৱ দাস,আচিকুৰ ৰহমান আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। জিলাখনৰ আটাইকেইটা পঞ্চায়তৰ পৰা সমাজখনৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ৫ সহস্ৰাধিক লোকৰ উপস্থিতিৰে পৰিপূৰ্ণ সভাখনত বিধায়ক বিশ্বজিৎ ফুকনে সকলোকে শীৰ্ষক কাৰ্যসূচীত দেশৰ প্ৰতি আন্তৰিকতাৰে আত্মনিয়োগ কৰি, ৰাজনৈতিক ঊৰ্দ্ধত থাকি অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

সভাত মন্ত্ৰী অতুল বৰাই খেল- মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামে গাঁৱৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলক প্ৰতিভা বিকাশৰ সুযোগ দিব বুলি আশা ব্যক্ত কৰে। আনহাতে এই সভাতে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মোৰ মাটি মোৰ দেশ-অমৃত কলহ যাত্ৰাৰ সন্দৰ্ভত প্ৰস্তুত কৰা বিতং বক্তব্য সম্বলিত তিনিটিকৈ ভিডিঅ' আৰু থিমচং প্ৰদৰ্শন কৰা হয়।

গোলাঘাটত 'অমৃত কলহ যাত্ৰা' সন্দৰ্ভত প্ৰস্তুতি সভা
পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু 'কলীয়া' আৰু নাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in