/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/2aca5652-d435-44f5-a224-e37bdfe5cb0c/madhupur_satra_10.jpg)
১৮ মাৰ্চত মধুপুৰ সত্ৰত প্ৰয়াত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...
ডিজিটেল সংবাদ ধুবুৰীঃ যোৱা ৮ মাৰ্চত পৰলোক প্ৰাপ্তি ঘটা কোচবিহাৰৰ মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি অহা ১৮ মাৰ্চত মধুপুৰ সত্ৰৰ চৌহদত মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।
সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, সেইদিনাৰ কাৰ্যসূচী ৰাতিপুৱা ৮ বজাত নাম-প্ৰসংগৰে আৰম্ভ কৰা হ'ব। তাৰপিছত ৯ বজাত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰে ভাগৱত-পাঠ, ১০ বজাত যুগল প্ৰসংগ আৰু ১১ বজাত পালনাম অনুষ্ঠিত হ'ব।
আবেলি ২ বজাৰ পৰা স্মৃতি চাৰণ সভা অনুষ্ঠিত হোৱাৰ লগতে সত্ৰাধিকাৰগৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে প্ৰকাশ হ'বলগীয়া এখন স্মৰণিকা উন্মোচন কৰা হ'ব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বিভিন্ন কাৰ্য্যসূচী অসম চৰকাৰৰ মন্ত্ৰী, ধুবুৰী জিলাৰ উপায়ুক্ত দিবাকৰ নাথ, কোচবিহাৰ জিলাৰ জিলা দণ্ডাধিশৰ লগতে কোচবিহাৰৰ সত্ৰীয়া সাংস্কৃতিকৰ প্ৰতি আনুগত্যশীল কেইবাগৰাকীও চিন্তাবিদ আৰু গৱেষক উপস্থিত থাকিব।
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উত্তৰ-বংগৰ সত্ৰ আৰু নামঘৰৰ সত্ৰাধিকাৰ আৰু ভকতবৃন্দৰ উপৰিও বৰদোৱা সত্ৰ, বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, জৰাবাৰী সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকিব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সমূহ কাৰ্য্যসূচী মধুপুৰ সত্ৰ সমিতিৰ সকলো কাৰ্যনিৰ্বাহক সদস্য আজীৱন সদস্য আৰু অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজক উপস্থিত থাকিবলৈ মধুপুৰ সত্ৰ সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী আৰু সম্পাদক কুমাৰ দীপক দাসে আহ্বান জনাইছে।
উল্লেখযোগ্য যে, অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যোৱা ৯ মাৰ্চত সত্ৰাধিকাৰগৰাকীৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে প্ৰয়োজন হোৱা সকলো ধৰণৰ সহায়-সহযোগ আগবঢ়োৱা হ'ব বুলি সত্ৰ সমিতিক জানিবলৈ দিছিল।
Also Read: গ্ৰাম্য সমাজৰ পৰা ক্ৰমাৎ হেৰাই গৈছে পৰম্পৰাগত গো-পাল প্ৰথা...