এগৰাকী বৃদ্ধাৰ কৰুণ গাঁথা

এগৰাকী বৃদ্ধাৰ কৰুণ গাঁথা

author-image
Asomiya Pratidin
New Update
এগৰাকী বৃদ্ধাৰ কৰুণ গাঁথা

ডিজিটেল সংবাদ, লামডিং : লামডিঙৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী। পাহৰি পেলাইছে নিজৰ নাম । নাজানে প্ৰকৃত ঘৰ-ঠিকনা,পৰিচয়। জানিব পৰামতে যোৱা ডেৰ মাহ পূৰ্বে লামডিং আৰক্ষী থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৭০ বছৰীয়া এগৰাকী মহিলা।

Advertisment

অসুস্থ অৱস্থাত উদ্ধাৰ কৰা বৃদ্ধাগৰাকীৰ উন্নত চিকিৎসাৰ বাবে লামডিং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল । কিন্তু আজি ডেৰ মাহ ধৰি এই বৃদ্ধা গৰাকীক বিচাৰি পৰিয়ালৰ কোনো লোকে খবৰ কৰা নাই ।

উপায়হীন হৈ পৰিছে চিকিৎসক। চিকিৎসালয়খনৰ প্ৰতিজন চিকিৎসক-কৰ্মচাৰীয়ে বৃদ্ধাগৰাকীক আদৰেৰে প্ৰতিপালন আৰু যত্ন লৈছে । কিন্তু কেতিয়াবা কোনো বিপদৰ সন্মুখীন হোৱাৰো শংকাত ভুগিছে চিকিৎসাকৰ্মীসকল ।

এই খবৰ লাভ কৰি লামডিং তেজস্বী সেৱা সমিতি নামৰ সংস্থাটোৰ সদস্যসকল আগবাঢ়ি আহিছে। তেওঁলোকে বৃদ্ধাগৰাকীৰ পৰা পৰিচয় জানিবলৈ চেষ্টা কৰিছিল যদিও ভাষা সমস্যাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে।

বৰ্তমান সংস্থাটোৱে বৃদ্ধাগৰাকীক গুৱাহাটীৰ বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে । এই সময়তে যদি বৃদ্ধাগৰাকীৰ পৰিয়ালৰ সন্ধান পায় তেনেহ'লে চিকিৎসক তথা সংস্থাটোৱে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Also Read: বিকল বহু অংগ : গভীৰ সংকটত ৰমু চলিহাৰ জীৱন,উদ্বিগ্ন পত্নীসহ পুত্ৰ শৃংখল চলিহা

LUMDING POLICE old woman