বিকল বহু অংগ : গভীৰ সংকটত ৰমু চলিহাৰ জীৱন,উদ্বিগ্ন পত্নীসহ পুত্ৰ শৃংখল চলিহা

বিকল বহু অংগ : গভীৰ সংকটত ৰমু চলিহাৰ জীৱন,উদ্বিগ্ন পত্নীসহ পুত্ৰ শৃংখল চলিহা

author-image
Asomiya Pratidin
New Update
বিকল বহু অংগ : গভীৰ সংকটত ৰমু চলিহাৰ জীৱন,উদ্বিগ্ন পত্নীসহ পুত্ৰ শৃংখল চলিহা

ডিজিটেল ডেস্ক : অসম আন্দোলনৰ নেতা প্ৰণৱজিৎ চলিহা ওৰফে ৰমু চলিহাৰ অৱস্থা অতি সংকটজনক। অগ্ৰণী নেতা চলিহাৰ শৰীৰ বহু অংগ বিকল হৈ পৰাত চিন্তিত হৈছে চিকিৎসক ৷

Advertisment

উল্লেখ্য যে, বিগত কেইবাটাও দিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে চলিহা। তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতিৰ বাবে চিকিৎসক দলৰ সকলো প্ৰচেষ্টা একপ্ৰকাৰে বিফল হোৱাৰ উপক্ৰম হৈছে। গভীৰ সংকটত থকা ৰমু চলিহাৰ জীৱনকলৈ শংকিত পৰিয়াল।

সম্প্ৰতি তেওঁ ডিব্ৰুগড় অসম মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। প্ৰণৱজিৎ চলিহাৰ শেহতীয়া অৱস্থাক লৈ পত্নী ৰাকাজ্যোতি চলিহা আৰু পুত্ৰ শৃংখল চলিহা উদ্বিগ্ন হৈ পৰিছে ৷

Also Read: কংগ্ৰেছ নেত্ৰী প্ৰয়াত বাসন্তী শৰ্মাৰ বাসগৃহত মুখ্যমন্ত্ৰী

assam movment srinkhal chaliha