ঘৰৰ চৌহদত থকা পকীবেৰ ভাঙি পৰি শিশুৰ কৰুণ মৃত্য়ু...

ঘৰৰ চৌহদত দিয়া পকী বেৰ ভাঙি পৰি শুকুৰবাৰে সন্ধিয়া বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ পলহাত এটি প্ৰায় চাৰি বছৰীয়া শিশুৰ কৰুণ মৃত্যু হয়

author-image
Asomiya Pratidin
New Update
ঘৰৰ চৌহদত থকা পকীবেৰ ভাঙি পৰি শিশুৰ কৰুণ মৃত্য়ু...

ডিজিটেল সংবাদ দুমুনিচকীঃ ঘৰৰ চৌহদত দিয়া পকী বেৰ ভাঙি পৰি শুকুৰবাৰে সন্ধিয়া বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ পলহাত এটি প্ৰায় চাৰি বছৰীয়া শিশুৰ কৰুণ মৃত্যু হয়। জানিব পৰা মতে ক্ষুদ্ৰ পলহা গাঁৱত ভাৰাতীয় হিচাপে বাস কৰি থকা আজিজৰ ৰহমান আৰু জুপিতৰা বেগমৰ একমাত্ৰ পুত্ৰ সন্তান জুবাইৰ ৰহমানে আজি সন্ধিয়া প্ৰায় ৪-৩০ বজাত ঘৰৰ সমীপত থকা এটা বাসগৃহৰ চৌহদৰ বেৰত উঠিবলৈ চেষ্টা কৰে।

Advertisment

শিশুটোৱে বেৰখনত ভেজা দি উঠাৰ সময়তে পকী বেৰখনৰ ওপৰৰ অংশৰ কেইবালাইন ইটা খহি আহি শিশুটোৰ ওপৰত বাগৰি পৰে। যাৰ ফলত বুকুৰ লগতে শৰীৰৰ বিভিন্ন অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কনমানি শিশু জুবেইৰ।

ইফালে উক্ত ঘটনা প্ৰত্যক্ষ কৰি একেলগে ভাৰাতীয় হিচাপে বাস কৰা লোকে চিঞৰ-বাখৰ কৰাৰ লগতে শিশুটিক উদ্ধাৰ কৰি ততাতৈয়াকৈ আমিনগাঁওস্থিত নাৰায়ণ চুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ লৈ যায়। কিন্তু বুকুৰ অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কনমানি জুবাইৰ ৰহমানৰ হাস্পটাললৈ নিয়াৰ পথতে মৃত্যু হয়।

উক্ত শোকাৱহ ঘটনাত ক্ষুদ্ৰ পলহাৰ লগতে গোগ গাঁৱটো শোকৰ ছাঁ পৰিছে। সন্তানৰ এই আকস্মিক মৃত্যুৰ পিছতে বাউলী হৈ পৰিছে মাতৃ জুপিতৰা।

Also Read: তীব্ৰবেগী বাইকৰ খুন্দাত শিশুৰ থিতাতে মৃত্যু...

child death